NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2021 2:36 pm
Rahul Dravid to take over as head coach of Indian team

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সন্মত হৈছে প্ৰাক্তন তাৰকা ৰাহুল দ্ৰাবিড়।

পূৰ্বেও প্ৰশিক্ষক পদৰ বাবে দ্ৰাবিড়ৰ নাম চৰ্চালৈ আহিছিল যদিও এই পদ নাকচ কৰিছিল ৰাহুল দ্ৰাবিড়ে। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহকে ধৰি ব’ৰ্ডৰ বিষয়াসকলে শনিবাৰে ডুবাইত দ্ৰাবিড়ক সাক্ষাৎ কৰিছিল আৰু দীঘলীয়া আলোচনাৰ পিছত ভাৰতৰ প্ৰাক্তন অধিনায়কজনে অৱশেষত দুবছৰীয়া চুক্তিৰ বাবে সন্মত হৈছে।

উল্লেখ্য যে আগন্তুক টি-২০ বিশ্বকাপৰ পিছতেই বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল সমাপ্ত হ’ব। টি-২০ বিশ্বকাপৰ পিছত দ্ৰাবিড়ে টীম ইণ্ডিয়াত মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিব বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত মুখ্য প্ৰশিক্ষক হিচাপে অভিযান আৰম্ভ হ’ব দ্ৰাবিড়ৰ।

পূৰ্ব প্ৰশিক্ষক পদৰ বাবে দ্ৰাবিড়ৰ নাম চৰ্চালৈ আহোঁতে দ্ৰাবিড়ে এই প্ৰস্তাৱ নাকচ কৰিছিল আৰু বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপে তেওঁৰ ভূমিকা অব্যাহত ৰাখিবলৈ পছন্দ কৰিছিল।

ভাৰতীয় A দল আৰু অনুৰ্দ্ধ ১৯ দলৰ প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ে ঈৰ্ষণীয় সফলতা লাভ কৰিছে আৰু দেশক প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান খেলুৱৈৰ সৃষ্টিত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।

সেয়েহে ৰবি শ্ৰাস্তীৰ বিদায়ৰ পিছত দ্ৰাবিড় টিম ইণ্ডিয়াৰ নতুন প্ৰশিক্ষক পদৰ প্ৰথম পচন্দ হিচাপে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড(BCCI) এ বাচনি কৰে।

অৱশ্যে BCCIৰ দ্বাৰা অফিচিয়েল ভাৱে এতিয়ালৈকে এই বিষয়ত ঘোষণা কৰা হোৱা নাই। বৈঠকত উপস্থিত থকা এজন বিষয়াই জানিবলৈ দিয়ে যে, বিচিচিআইয়ে দ্ৰাবিড়ৰ স্থানত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত এজন নতুন ব্যক্তি ৰখাৰ পৰিকল্পনা কৰিছে আৰু দ্ৰাবিড়ক জ্যেষ্ঠ পুৰুষ দলৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ বাবে সৈমান কৰাইছে।

দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ উপৰিও তেওঁৰ বিশ্বস্ত পাৰছ মাম্ব্ৰেক টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ’ব পাৰে।

সূত্ৰ অনুসৰি দ্ৰাবিড়ক দুবছৰীয়া চুক্তিৰ বাবে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব প্ৰদান কৰা হ’ব। চুক্তি অনুসৰি ২০২৩ চনৰ বিশ্বকাপলৈকে দ্ৰাবিড় মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব ।দৰমহা হিচাপে দ্ৰাবিড়ে বাৰ্ষিক ১০ কোটি টকা লাভ কৰিব বুলি জানিব পৰা গৈছে।