NORTHEAST NOW (Assamese)
অসম

ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰৌনক আলী হাজৰিকাক, অসুস্থতা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2021 5:51 pm
Raunak Ali Hazarika

দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া ৰৌনক আলী হাজৰিকাক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪ দিনৰ বাবে হাজৰিকাক নিজৰ জিম্মাত বিচাৰি আবেদন কৰিছিল যদিও বিশেষ আদালতে আবেদন নাকচ কৰে আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

অৱশ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষক কাৰাগাৰতে হাজৰিকাক সোধা–পোছা কৰিব পাৰিব বুলি আদালতে জনাইছে।

আনহাতে হাজৰিকাই জামিনৰ বাবে আবেদন জনাইছিল যদিও জামিন আবেদন নাকচ কৰে আদালতে। হাজৰিকাৰ স্বাস্থ্যক লৈ উত্থাপিত প্ৰশ্নৰ প্ৰসংগত তেওঁৰ অসুস্থতা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ নিৰ্দেশ দিয়ে আদালতে।

উল্লেখ্যযে ডিআইজি ৰৌণক আলী হাজৰিকাক ৫ অক্টোবৰত হেঙেৰাবাৰীস্থিত ঘৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াই অভিযান চলোৱাৰ অন্তত আয়তকৈ বেছি সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পিছতে হাজৰিকা হৃদৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈছিল।