NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছে আমুৱালে! আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে কেইবাজনো কংগ্ৰেছীয়ে

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 17, 2021 5:52 pm
WhatsApp Image 2021-10-17 at 5.13.36 PM

Congress leaders joined BJP জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথিৱী মাঝি আৰু প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ প্ৰদীপ মাঝি আৰু গৌতম ধানোৱাৰে আজি যোগদান কৰে বিজেপিত৷

BPF ৰ MCLA ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত মুছাহাৰীয়ে আজি বিজেপিত যোগদান কৰে।

আনহাতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন কলিতাইয়ো যোগদান কৰে বিজেপিত।

হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই দলৰ মজিয়ালৈ আদৰণি জনায় আটাইকেইজনকে।

উপ নিৰ্বাচনৰ পূৰ্বে এই যোগদানেৰে একপ্ৰকাৰৰ চমক সৃষ্টি কৰিলে বিজেপিয়ে।

Also Read: শিৱসাগৰত সম্প্ৰীতিৰ অপূর্ব নিদৰ্শন; মছজিদ মুকলি অনুষ্ঠানত নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়া

আজি যোগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই মন্তব্য কৰে যে বিপিএফৰ দুৰ্গ প্ৰায় শেষ হ’বলৈ গৈ আছে। তেওঁ কয় যে বাক্সা জিলাত BPF শূণ্য হৈ পৰিছে।

ভবেশ কলিতাই কয় যে বিটিচিত এজন MCLAক লৈ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছিল বিজেপিয়ে। কিন্তু কেইবাজনো MCLA ই এতিয়া বিজেপিত যোগদান কৰিছে। এই যোগদানে ভবানীপুৰ, গোসাঁইগাঁও, মৰিয়নি আৰু থাওৰাত বিশেষ প্ৰভাৱ পেলাব।

Also Read: ধ্বংসমুখী অগপ নাই, এতিয়া শক্তিশালী ৰূপত কৰিছে আত্মপ্ৰকাশ; দাবী যুৱ পৰিষদৰ সভাপতিৰ

তদুপৰি, আৰু বিপিএফ MCLAই বিজেপিত যোগদান কৰিব বুলি সদৰী কৰে ভৱেশ কলিতাই।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰা মতে বিটিচিত প্ৰমোদ বড়োৱেই যে CEM হৈ থাকিব সেয়া নিশ্চিত।

গৰুখুটিত বদৰুদ্দিন আজমলে চকু পানী টোকা সন্দৰ্ভত ভবেশ কলিতাই মন্তব্য কৰি কয় যে “বদৰুদ্দিন আজমলৰ মতে চৰকাৰ নচলে, উচ্ছেদ চলি থাকিব।”