NORTHEAST NOW (Assamese)
অসম

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পুলিবৰ আঞ্চলিকৰ ২১জনীয়া পূৰ্ণাংগ সমিতি গঠন

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট October 18, 2021 12:29 pm
IMG-20211018-WA0013

দেওবাৰে পুলিবৰ ৰঙ্গমঞ্চত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত পুলিবৰ আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়।

প্ৰীতম কোঁৱৰক সভাপতি, হেমন্ত কোঁৱৰক কাৰ্যকৰী সভাপতি আৰু মিন্টু গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈ, আটাছু গোলাঘাট জিলা সমিতিৰ প্ৰতিস্থাপক সম্পাদক ৰাজকুমাৰ বেদান্ত বিকাশ গোঁহাই, আটাছু কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুনীল গগৈ, আটাছু গোলাঘাট জিলা সমিতিৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ গগৈ, জিলা কাৰ্যকাৰী সভাপতি পংকজ গগৈ, জিলা যুটীয়া সম্পাদকদ্বয় দ্বীপজ্যোতি তামূলী আৰু গৌতম লাহন।

তদুপৰি, জিলা মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ কোঁৱৰ, জিলা মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ,জিলা সাংগঠনিক সম্পাদক দিগন্ত গগৈ,পুলিবৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈ, স্থানীয় যুৱক বিকাশ কোঁৱৰ আৰু অঞ্চলটিৰ কেইবাখন গাঁওৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা প্ৰতিনিধিসকল উপস্থিত থাকে।

উক্ত সভাত পুৱা পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি অজয় ফুকনে আৰু স্মৃতি তৰ্পণ কৰে প্ৰীতম কোঁৱৰে। সভাখনি উদ্বোধন কৰে আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈয়ে।