NORTHEAST NOW (Assamese)
অসম

বিয়া পতাৰ প্ৰলোভনেৰে যুৱতীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সহায়ক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 21, 2021 5:01 pm
Lakhi Gogoi

Education Minister Personal Assistant arrested ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ কৰা হৈছে।

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈক।

এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত লক্ষীনন্দন গগৈক গ্ৰেপ্তাৰ কৰা হৈছে।

ইতিমধ্যে গগৈক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈক 3821/21 under section 376 ,417 ধাৰাত গ্ৰেপ্তাৰ।

আজি দিছপুৰ আৰক্ষীয়ে জাপৰিগোগৰ পৰা গ্ৰেপ্তাৰ কৰিছে লক্ষীনন্দন গগৈক।

লক্ষীনন্দন গগৈৰ বিৰুদ্ধে পূৰ্বৰ প্ৰেমিকাক বিয়া পতাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।