NORTHEAST NOW (Assamese)
অসম

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মাৰ্টিন স্কৰচেজ আৰু ষ্টিভেন জাবোলৈ সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও October 22, 2021 4:51 pm
Satyajit Ray Lifetime Achievement Award

ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (IFFI) ৫২ তম সংস্কৰণত প্ৰখ্যাত চলচিত্ৰ নিৰ্মাতা মাৰ্টিন স্কৰচেজ আৰু ষ্টিভেন জাবোক সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হ’ব।

মাৰ্টিন স্কৰচেজক নতুন হলিউড যুগৰ অন্যতম মুখ্য ব্যক্তি হিচাপে জনা যায়। তেওঁক চলচ্চিত্ৰউদ্যোগৰ এজন মহান আৰু প্ৰভাৱশালী পৰিচালক হিচাপে গণ্য কৰা হয়।

স্কৰচেচে অস্কাৰ বঁটাৰ বাবে কেইবাবাৰো মনোনয়ন লাভ কৰিছিল। ২০০৭ চনত ‘দ্য ডিপাৰ্টেড’ পৰিচালনাৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা লাভ কৰিছিল।

ইষ্টভান জাবো যোৱা কেইটামান দশকৰ আটাইতকৈ সমালোচকৰ দ্বাৰা প্ৰশংসিত হাংগেৰিয়ান চলচ্চিত্ৰপৰিচালকসকলৰ মাজৰ এজন। তেওঁ ফাদাৰ (১৯৬৬) আৰু মেফিষ্টো (১৯৮১)ৰ দৰে উৎকৃষ্ট কৃতিৰ বাবে জনাজাত।

তেওঁ মেফিষ্টো চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ বিদেশী ভাষা শ্ৰেণীত একাডেমী বঁটা লাভ কৰিছিল।

৫২ তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰমহোৎসৱ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে IFFI- এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অ’টিটি প্লেটফৰ্মসমূহক আমন্ত্ৰণ জনাইছে।