NORTHEAST NOW (Assamese)
অসম

আৰক্ষীও য’ত অসুৰক্ষিত! গুৱাহাটী মহানগৰীত দিন দুপৰতে মহিলা আৰক্ষী বিষয়াৰ পৰাই দুৰ্বৃত্তই কাঢ়ি লৈ গ’ল ১০ লাখ টকা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 22, 2021 5:15 pm

গুৱাহাটী মহানগৰীত সাধাৰণ লোকতো বাদেই, খোদ আৰক্ষীৰ লোকো সুৰক্ষিত নহয়।

এই কথাৰ প্ৰমাণ শেহতীয়াকৈ পোৱা গ’ল।

মহানগৰীৰ কাহিলীপাৰাৰ এটা তেল ডিপোত তেল ভৰাবলৈ যোৱাৰ সময়তে মহিলা আৰক্ষী বিষয়াগৰাকীৰ হাতত থকা বেগ খন পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি লৈ যায়।

গেগ খনত ১০ লাখ টকা আছিল বুলি জানিব পৰা গৈছে।

মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বেংকৰ পৰা ধন খিনি উঠাই তেল ডিপোটোলৈ গাড়ীত তেল ভৰাবলৈ গৈছিল।

সেই সময়তে ডিপোটোত গ্ৰহকৰ বেশত পূৰ্বৰে পৰা বাইকত উঠি ৰৈ থকা দুৰ্বৃত্তই মহিলা আৰক্ষী বিষয়াগৰাকীৰ হাতৰ পৰা টকাৰ বেগ খন কাঢ়ি লৈ সেই স্থানৰ পৰা উধাও হয়।

এই সম্গ্ৰ ডকাইতি কাণ্ড তেল ডিপোটোৰ চিচিটিভি কেমেৰাত বন্দী হৈছে। চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব চলাবলৈ চেষ্টা চলাইছে যদিও এতিয়াও সফল হ’ব পৰা নাই।

খোদ আৰক্ষীৰ হাতৰ পৰাই দিন দুপৰতে দুৰ্বৃত্তই দনৰ বেগ কাঢ়ি নিয়াৰ ঘটনাই মহানগৰীৰ অৱনমিত আইন শৃংখলাৰ দিশটোকে পুনৰ বাৰ দৃষ্টিকটু ভাবে উদঙাই দিলে।