NORTHEAST NOW (Assamese)
অসম

মাজুলীত স্থৱিৰ হোৱাৰ পথত ৰ’পেস্ক সেৱা,তিনিমাহে দৰমহা নাই কৰ্মচাৰীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 23, 2021 6:59 pm

নিমাতীঘাটৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ পিছতে মাজুলীত ঢাক-ঢোল বজাই আমৰম্ভ কৰা হৈছিল ৰ’পেস্ক সেৱা।

কিন্তু এই সেৱাৰ সৈতে জৰিত হৈ থকা কৰ্মচাৰীসকলে বিগত তিনি মাহে লাভ কৰা নাই দৰমহা।

সেইবাবেই কৰ্মচাৰীসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।

এনে পৰিস্থিতি ৰ’পেস্ক সেৱাৰ কৰ্মচাৰীসকলে ফেৰী সেৱা বন্ধ কৰি প্ৰতিবাদ সাৱস্ত্য কৰিবলৈ বাধ্য হৈছে।

অৱশ্যে যাত্ৰীৰ প্ৰতিবাদত ৩ দিনৰ বাবে ফেৰী চলোৱাৰ সিদ্ধান্ত লৈছে কৰ্মচাৰীসকলে।

মাজুলীৰ অফলামুখ ফেৰী ঘাটতৰ’পেস্ক সেৱাৰ বন্ধ হৈ পৰাৰ ফলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।

উল্লেখ্য ডলফিন নামৰ প্ৰতিষ্ঠানটোৰ পৰা অসম চৰকাৰে ৰ’পেস্কৰ মাষ্টৰ আৰু ডাইভাৰসকলক লৈছিল।

ডলফিনে ৰ’পেস্ক সেৱাৰ ১১ গৰাকী কৰ্মচাৰীক দৰমহা আদায় দিয়াৰ দায়িত্ব লৈছিল যদিও সেয়া সঠিক ভাবে কাৰ্যকৰী কৰা নাই।

ফলত কৰ্মচাৰীসকল দিশহাৰা হৈ পৰিছে।

এনে পৰিস্থিতিৰ পিছতো ৰাজ্য চৰকাৰে বিষয়টোকলৈ কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই।

ফলত মাজুলীত ৰ’পেস্ক সেৱাৰ ফুটুকাৰ ফেনত পৰিণত হোৱাৰ আশংকাই দেখা দিছে।