NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বচ্ছ ভাৰত যোজনাৰ শুভাৰম্ভ অনুষ্ঠানত গোলাঘাটৰ স্বাস্থ্যকৰ্মীৰ অংশগ্ৰহণ

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট October 26, 2021 8:33 am
golaghat health workers

PM Self reliant Healthy India Scheme প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বাৰানসীত শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বচ্ছ ভাৰত যোজনাৰ কাৰ্যসূচীত গোলাঘাট জিলাৰো বিভিন্ন চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী, ৱাৰ্ড মেম্বাৰ আৰু স্বাস্থ্য খণ্ডৰ সৈতে জড়িত লোক তথা জনসাধাৰণে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে।

জিলাখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, চাৰিঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নাহৰদঙা আদৰ্শ চিকিৎসালয়, গোলাঘাট নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ধূপগুৰি, ৰতনপুৰ আৰু বৰতিকা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আদিত ভালেসংখ্যক লোক সমবেত হৈ অনলাইনযোগে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে এই আঁচনিৰ মূল লক্ষ্য হ’ল স্বাস্থ্য আন্তঃগাঁথনিত থকা অভাৱসমূহ দূৰ কৰা। ইয়াৰ দ্বাৰা সাধাৰণ জনতাই ৰাজহুৱা স্বাস্থ্যৰ যতন ব্যৱস্থাত থকা বিভিন্ন পৰীক্ষা আদিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিবলৈ সমৰ্থ হ’ব।

এই আঁচনিৰ অধীনত গ্ৰাম্য স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহক সবল কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত ই নগৰ অঞ্চলতো স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিব।