NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী আচণবিধি ভংগ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী October 26, 2021 11:53 am
755a84d1-6690-4419-afa1-47bcf15341b2-750x375

Show-cause notice to CM ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচনী আচণবিধি ভংগ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

কংগ্ৰেছ দলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰিছিল।

কংগ্ৰেছৰ পৰা দুটাকৈ অভিযোগ লাভ কৰাৰ পিছতে নিৰ্বাচন আয়োগে অনুসন্ধান চলায় আৰু মুখ্যমন্ত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

ভৱানীপুৰ, মৰিয়নী, থাওৰাৰ নিৰ্বাচনী সভাত বিধি ভংগ কৰি বিভিন্ন ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উপ–নিৰ্বাচনৰ প্ৰচাৰ সভাত বিভিন্ন সমষ্টিত আঁচনি আৰু আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত ভিডিঅ’সহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰিছিল অভিযোগ।

মঙলবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীক। অন্যথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননীত উল্লেখ কৰা হৈছে।