NORTHEAST NOW (Assamese)
অসম

চাপৰ- শালকোচাত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ঘাটি উৎখাত

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 27, 2021 8:30 pm

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাধীন “বতৰদল” নামৰ গাঁৱখনত বুধবাৰে চাপৰ আৰক্ষীয়ে এটি অভিযান চলাই কেবাটাও চুলাই মদ প্ৰস্তুত কৰা ঘাটি উৎখাত কৰি বহু পৰিমাণৰ সা – সামগ্ৰী নষ্ট কৰি দিয়ে।

চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে’ ৰ নেতৃত্বত চলোৱা এই অভিযানত বুজন পৰিমাণৰ মদৰ লগতে মদ প্ৰস্তুত কৰা মাৰাত্মক নিচা জাতীয় দ্ৰৱ্য , সৰু সৰু ঘূৰণীয়া আকৃতিৰ টেবলেট , বাখৰ , বাল্টিত তিয়াই থোৱা চাউল , আদিকে ধৰি বহু দ্ৰৱ তথা সা সামগ্ৰী নষ্ট কৰা হয়।

আৰক্ষীৰ এনে কাৰ্যত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে।

ইপিনে শালকোচাতো আৰক্ষীয়ে অভিযান চলাই এক বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য চাপৰ চহৰৰ বিভিন্ন ঠাইত বিলাতী সুৰাৰ অবৈধ বেহা গোপন ভাবে চলি আছে।

চাপৰ চহৰৰ মাজ মজিয়াৰ গোপন ঠাইৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে বুজন পৰিমাণৰ বিলাতী মদ সৰবৰাহ কৰা হয় বুলি ভু – ৰখা মহলে দীৰ্ঘদিনৰে পৰা অভিযোগ কৰি আহিছে।

কিন্তু বিভাগীয় এই ক্ষেত্ৰত কৰ্তৃপক্ষই চকু মুদা কুলিৰ ভাও জুৰি আছে।

সচেতন ৰাইজে এই ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে বুলি আৰক্ষী আৰু আবকাৰী বিভাগক প্ৰশ্ন কৰিছে।