NORTHEAST NOW (Assamese)
অসম

কোভিডৰ সংক্ৰমণ :সভা-সমাৱেশ আদিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিশেষ নিষেধাজ্ঞা

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও October 28, 2021 6:41 am

কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ এক নিৰ্দেশনামৰ্মে জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চল উভয়তে মুকলি ঠাইত বা সভাগৃহত পতা সভা নাইবা সমাৱেশ আদিত মানুহৰ উপস্থিতিৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা জাৰি কৰিছে।

সেইমৰ্মে ৰাজহুৱা বা ব্যক্তিগত অনুষ্ঠান আদি মুকলি ঠাইত বা সভাগৃহত পতাৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনামৰ্মে ৫০গৰাকী প্ৰথম পালি কোভিড-১৯ প্ৰতিষেধক লোৱা ব্যক্তিয়েহে এনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব।

অৱশ্যে দুয়োপালি কোভিড-১৯ প্ৰতিষেধক লোৱা ২০০গৰাকী ব্যক্তিয়ে উপায়ুক্তৰ আগতীয়া অনুমতি সাপেক্ষে মুকলি ঠাইত বা সভাগৃহত অনুষ্ঠিত ব্যক্তিগত বা ৰাজহুৱা অনুষ্ঠান, বিবাহ আদিত উপস্থিত থাকিব পাৰিব।

এই নিৰ্দেশনা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি আৰু সংশ্লিষ্ট চক্ৰ বিষয়াসকলে কাৰ্যকৰী কৰিব ৷

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা জিলাখনত বলৱৎ থাকিব।