NORTHEAST NOW (Assamese)
অসম

দীপাৱলীলৈ মাজত মাত্ৰ দুটামান দিন: কৰোনাতংক,মূল্যবৃদ্ধিয়ে হতাশ কৰিছে কুমাৰ শিল্পীক

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক October 28, 2021 1:31 pm

এতিয়া উৎসৱৰ বতৰ, পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ দুটামান দিন। এই দিনকেইটাত পূৰ্বে সীমাহীন ব্যস্ততা আছিল টীয়কৰ পিঠাখোৱা গাঁওবাসীৰ।

ঘৰে ঘৰে মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছিল সকলো ৷

কিন্তু এইবাৰ কৰোনাতংক আৰু মূল্যবৃদ্ধিয়ে বাৰুকৈ প্ৰভাৱাম্বিত কৰিছে কুমাৰ শিল্পীসকলক।

অতীতৰে পৰা মৃৎশিল্পৰ লগত জড়িত এইখন গাঁও।

অসমৰ থলুৱা এই শিল্পবিধ বহু কষ্টৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে গাঁৱখনৰ প্ৰায় ৩০ ঘৰ পৰিয়ালে ৷

বহু কষ্টৰে মাটিৰ সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহৃত বিশেষ ধৰণৰ আলতিয়া মটি বহু তলৰ পৰা খান্দি উলিয়াই মাটি চাকি, কলহ, দুনৰী আদি বিভিন্ন ৰূপ দিয়ে এই সকল চহা শিল্পীয়ে।

দেৱালীৰ এই সময়ছোৱাত এইসকল কিন্তু এইবাৰ পূৰ্বৰ দৰে ব্যস্ত নাই।

নিয়ম মাত্ৰ পালন কৰি সীমিত সংখ্যক চাকি নিৰ্মাণ কৰিছে।

ইপিনে আধুনিক সমাজত ইলেক্ট্ৰনিক লাইটৰ ব্যৱহাৰে চাকিৰ পয়োভৰ কমাই তুলিছে যাৰ ফলত এতিয়া হতাশাত ভুগিছে এইসকল ব্যৱসায়ী।

সেয়ে তেওঁলোকৰ এই শিল্প জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰী আঁচনিৰ অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনাইছে।