NORTHEAST NOW (Assamese)
অসম

ড্ৰাগছে ছানি ধৰিছে ৰাজ্য! মাৰ্ঘেৰিটাত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী ৰমজান আলীক

Posted by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা October 29, 2021 9:30 am
Ramjan Ali with drugs arrested

Operation against drugs তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহস্পতিবাৰে আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। প্ৰায় ২৪ গ্ৰাম ড্ৰাগছসহ ৰমজান আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক হাতে-লোটে আটক কৰে আৰক্ষীয়ে ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিঙ নামে ঠাইত চলিছিল আৰক্ষীৰ এই ড্ৰাগছবিৰোধী অভিযান। 

মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মাৰ্ঘেৰিটাৰ দিহিঙৰ পৰা ৰমজান আলী নামৰ ড্ৰাগছ ব্যৱসায়ীজনক ঘৰৰ পৰাই আটক কৰে।

ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ২৪ গ্ৰাম ড্ৰাগছসহ ১২ হাজাৰ টকা জব্দ কৰে।

ড্ৰাগছখিনিৰ মুল্য প্ৰায় ৯০ হাজাৰ টকা হ’ব বুলি আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।