NORTHEAST NOW (Assamese)
দেশ

“এদিন কোনো মহিলা দেশৰ সেনা প্ৰধান হব”— মন্তব্য সেনাপ্ৰধান নাৰাভানেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2021 3:55 pm
Army chief Naravane

দেশৰ সেনা বাহিনীৰ শীৰ্ষ স্থানত এদিন কোনো মহিলা অধিষ্ঠিত হ’ব- এই আশা দেশৰ বৰ্তমানৰ সেনা প্ৰধান নাৰাভানেৰ।

ভাৰতীয় সেনা প্ৰধান মনোজ মুকুন্দ নাৰাভানে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত(NDA) মহিলা কেডাৰৰ নিযুক্তিক লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুক্ৰবাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পাছিং আউট পেৰেডত উপস্থিত থাকি ভৱিষ্যতে এগৰাকী মহিলাই তেওঁৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

পুনেত NDA ৰ পাছিং আউট পেৰেডত নাৰাভানে কয়, “মই ভাবোঁ আজিৰ পৰা ৪০ বছৰৰ পিছত হয়তো এগৰাকী মহিলা আজি মই য’ত থিয় হৈ আছো তাত থিয় হ’ব।”

তেওঁ লগতে কয়, “আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ’লেও মহিলা আৰু পুৰুষ কেডাৰৰ প্ৰশিক্ষণৰ মানদণ্ড একেই থাকিব। আমি মহিলাসকলৰ বাবে এন ডি এৰ দুৱাৰ মুকলি কৰি দিছো। মই আশা কৰোঁ আপোনালোক সকলোৱে তেওঁলোকক পেছাদাৰীতা আৰু সততাৰে স্বাগতম জনাইছে। মই আশা কৰোঁ মহিলা কেডাৰসকলেও পুৰুষ কেডাৰৰ দৰে কামৰ দক্ষতা প্ৰদৰ্শন কৰিব।”

যোৱা ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছিল যে যুৱতী সকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত ভৰ্তি কৰিব লাগে। পূৰ্বে যুৱতী সকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু সেনা বিদ্যালয়ত অধ্যয়ন কৰাৰ সুযোগ দিয়া হোৱা নাছিল।

আনকি মহিলাক এতিয়ালৈকে আৰ্মি একাডেমীত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়া হোৱা নাছিল। শীৰ্ষ ন্যায়ালয়ে পূৰ্বৰ শুনানিত কেন্দ্ৰক এই বিষয়ত তীব্ৰ ভৎসৰ্না কৰিছিল। তেতিয়াই সেনা সেৱাৰ মুৰব্বীসকলে এই বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল।

উল্লেখযোগ্য যে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ভাৰতীয় সেনাত লিংগ বৈষম্য দূৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰায় দিছিল। শীৰ্ষ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে মহিলাসকলক স্থায়ী আয়োগ দিয়া উচিত। তাৰ আগতে সেনাবাহিনীৰ মহিলাসকলে স্থায়ী কমিছনো পোৱা নাছিল।