NORTHEAST NOW (Assamese)
দেশ

“সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয় শস্য বজাৰলৈ ৰূপান্তৰ হ’ব”! – কৃষক নেতা ৰাকেশ টিকাইটৰ সতৰ্কবাণী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2021 1:06 pm
Rakesh Tikait

কৃষক নেতা ৰাকেশ টিকাইটে আজি চৰকাৰক সতৰ্ক কৰি দিছে যে যদি চৰকাৰে প্ৰতিবাদকাৰী কৃষক সকলক দিল্লীৰ সীমাৰ পৰা বলপূৰ্বক আঁতৰাবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব। ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) মুৰব্বীজনে কয় যে চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰিলে কৃষকসকলে সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয়সমূহক শস্যবজাৰলৈ পৰিৱৰ্তন কৰিব।

“যদি কৃষকসকলক বলপূৰ্বক সীমান্তৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা হয়, তেন্তে তেওঁলোকে সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয়সমূহক শস্য বজাৰলৈ পৰিৱৰ্তন কৰিব।” তেওঁ টুইটাৰত কয়।

 

দিল্লী আৰক্ষীয়ে গাজীপুৰ আৰু টিক্ৰী সীমান্তৰ পৰা চিমেণ্টৰ ব্লক আৰু বেৰিকেড আঁতৰ কৰাৰ দুদিন পিছত শ্ৰীযুত টিকাইটে এইদৰে মন্তব্য কৰিছে।

২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ প্ৰতিবাদ কৰি হাজাৰ হাজাৰ কৃষকে তিনিটা সীমান্ত – টিক্ৰি, সিংগু আৰু গাজীপুৰত শিবিৰ পাতি আছে।

প্ৰতিবাদকাৰী কৃষকসকলে দাবী কৰি আহিছে যে যোৱা বছৰ প্ৰণয়ন কৰা তিনিখন আইন তেওঁলোকৰ স্বাৰ্থৰ বিৰোধী আৰু সেই আইন তিনিখন কেন্দ্ৰই বাতিল কৰিব লাগে।

কিন্তু কৃষকসকলৰ এই দাবীলৈ কোনো কাণসাৰ কৰা নাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰৰ এই কৃষক বিৰোধী স্থিতিৰ বিৰুদ্ধে যোৱা এক বছৰ ধৰি আপোচহীন ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষক সকলে।