NORTHEAST NOW (Assamese)
অসম

Covid Update দেৱালীৰ পূৰ্বে সকাহ! সংক্ৰমণ কমিল, ২৫০ দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2021 11:16 am
india-corona new

Covid Update দেশত কোভিড-১৯ৰ তৃতীয়টো ঢৌৰ চৰ্চা চলি থকাৰ মাজতে দেৱালীৰ পূৰ্বে দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পোৱাটোৱে যথেষ্ট সকাহ আনিছে।

অৱশ্যে সোমবাৰে কোভিড আক্ৰান্ত মৃত্যু বহুখিনি হ্ৰাস পাইছিল যদিও মঙলবাৰে পুনৰ মৃত্যুৰ সংখ্যা কিছু বৃদ্ধি পাইছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ৪২৩ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১২ হাজাৰ ৫১৪ জন লোক।

দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত সংখ্যা হৈছেগৈ ৩কোটি ৪২লাখ ৯৬হাজাৰ ২৩৭জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪৪৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ২৫১জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫৮ হাজাৰ ৮৮০জন।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ২১ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৬লাখ ৮৩ হাজাৰ ৫৮১জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৫হাজাৰ ৭৭৬জন। এয়া বিগত ২৫০ দিনৰ ভিতৰত সৰ্বনিম্ন।

বৰ্তমানলৈ দেশত ১০৬ কোটি ৮৫ লাখ ৭১ হাজাৰ ৮৭৯জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ১০ লাখ ৯হাজাৰ ৪৫জনৰ কৰ’না টেষ্ট কৰা হয়।

উৎসৱৰ পাছতে কেন্দ্ৰই ইতিমধ্যে অসম আৰু পশ্চিমবংগ চৰকাৰক পত্ৰ লিখি ৰাজ্য দুখনত সংক্ৰমণৰ বৃদ্ধিৰ বাবে উদ্বেগ প্ৰকাশ কৰি সতৰ্ক কৰি দিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।