NORTHEAST NOW (Assamese)
অসম

ৰাজকন্যা কাণ্ড: আৰক্ষীয়ে দাখিল কৰিলে মাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট, উল্লেখ নাই তাজ ভিভাণ্টাৰ কথা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 5, 2021 6:21 pm

প্ৰায় ডেৰ পৃষ্ঠাৰ এখন চাৰ্জশ্বীট,কিন্তু ঘটনা আছিল অতি ডাঙৰ তথা বিষম। হয়, আমি ক’বলৈ ওলাইছো মাতাল মডেল খ্যাত ৰাজকন্যা বৰুৱাৰ কথা।

১ অক্টোবৰ নিশা প্ৰায় ১:৪৫ বজা। কাৰ্ফিউৰ মাজতে তাজ ভিভান্টাত নৈশ বাৰ্থডে পাৰ্টী খাই সুৰাৰ ৰাগীত ৯ গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিছিল মাতাল ৰাজকন্যাই।

যোচেফ মাৰাক নামৰ শ্ৰমিকজনে হেৰুৱাইছিল নিজৰ দুয়োখন ভৰি। যিসময়ত অসম আৰক্ষীয়ে অন্য দোষী বা অপৰাধীৰ বিৰুদ্ধে ১০০-১৫০ কিম্বা ৩০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰাৰো উদাহৰণ আছে।

তেনে সময়তে দিচপুৰ আৰক্ষীয়ে মাতাল মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দাখিল কৰিছে মাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট ,য’ত কেৱল ২১ টা বাক্যতে শেষ কৰা হৈছে চাৰ্জশ্বীট।

যি চাৰ্জশ্বীট বৃহস্পতিবাৰে ইতিমধ্যে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত দাখিল কৰিছে দিচপুৰ আৰক্ষীয়ে।
চাৰ্জশ্বীটত উল্লেখ থকা অনুসৰি যোৱা ১ অক্টোবৰৰ নিশা প্ৰায় ১ বজাত জি এছ ৰোডেৰে খানাপাৰাৰ দিশৰ পৰা আহি থকা বগা ৰঙৰ এখন গাড়ীয়ে ৰুক্মিণীগাওঁৰ ৰাস্তাৰ কাম কৰি থকা বনুৱা আৰু টাটা মেজিকত খুন্দা মাৰে।

ইয়াৰ পাছতে ছাইন বৰ্ড বিলাক মহতিয়াই নি বিজুলী খুঁটাত খুন্দা মাৰি গাড়ীখন ৰৈ যায়। এই ঘটনাৰ গোচৰীয়া পক্ষই মোবাইল ফোন যোগে ৰেকৰ্ডিং কৰাৰ চেষ্টা চলাইছিল যদিও গাড়ীখনৰ পৰা মহিলা এগৰাকী নামি আহি মোবাইলটো ভাঙি পেলোৱাৰ লগতে গোচৰীয়াক অশ্লীল গালি গালাজেৰে মাৰ ধৰ কৰি ৰাস্তাৰ দাঁতিলৈ ঠেলি দিয়ে।

কিন্তু চাৰ্জ শ্বীটত উল্লেখ নাই হোটেল ভিভান্টাৰ নাম ।

যি বিলাসী হোটেলত নিশা ১০ বজাৰ পাছতো বাৰ্থ ডে পাৰ্টী অনুষ্ঠিত হৈছিল।

পাৰ্টিৰ আয়োজক পংকজ সাধনীদাৰৰ নামো উল্লেখ নাই চাৰ্জ শ্বীটত ।

বৰ্তমানলৈকে দিচপুৰ আৰক্ষীৰ তদন্তৰ আওতালৈ নাহিল বিতৰ্কিত ঠিকাদাৰ পংকজ সাধনীদাৰো।

সঁচাকৈয়ে কাৰোবাৰ আশীষধন্য নেকি মডেল ৰাজকন্যা বৰুৱা? কাৰ আশীষধন্য হোৱাৰ বাবে চাৰ্জশ্বীটত অন্তৰ্ভুক্ত নহ’ল সাধনীদাৰৰ নাম? উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা আতিকুৰ ৰহমানৰ এজাহাৰৰ ভিত্তিত মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ৩৬৫৭/২০২১ নম্বৰত গোচৰ ৰুজু হৈছিল দিচপুৰ থানাত।

দিচপুৰ থানাত অন্য ৰাজকন্যাৰ বিৰুদ্ধে অন্য এটা গোচৰো ৰুজু হৈ আছে য’ত ভাৰতীয় দণ্ডবিধিৰ ৩০৮ ৰ দৰে গুৰুত্বপূৰ্ণ ধাৰা এটা সংলগ্ন হৈ আছে। কিন্তু বৰ্তমানো সেই গোচৰৰ চাৰ্জশ্বীট দাখিল কৰা নাই দিচপুৰ আৰক্ষীয়ে।

তাৎপয্যপূৰ্ণভাৱে ৰাজকন্যা কাণ্ডৰ সৈতে জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ নাম সাঙোৰ খাইছিল।

তেওঁক দিচপুৰ আৰক্ষীয়ে তিনিদিনে কেইবাঘন্টা ধৰি জেৰা চলোৱাৰ পাছত গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱাৰ পাছতো এদিনৰ ভিতৰতে জামিন লাভ কৰিছিল বৰুৱাই।

তাৰ পাছতে উত্থাপিত হৈছিল ক’ভিড প্ৰট’কল ভংগ কৰি নৈশ বাৰ্থ ডে পাৰ্টী অনুষ্ঠিত কৰা হোটেল তাজ ভিভান্তা আৰু ঠিকাদাৰ পংকজ সাধনীদাৰৰ নাম।কিন্তু হঠাৎ স্থবিৰ হৈ পৰিল তদন্ত প্ৰক্ৰিয়া।