NORTHEAST NOW (Assamese)
দেশ

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত আৰক্ষী জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2021 12:24 pm
Terrorists shoot dead policeman in Srinagar

দেওবাৰে জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত এজন আৰক্ষী জোৱানৰ মৃত্যু হয়।

সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়াসকলে দিয়া উদ্ধৃতি অনুসৰি শ্ৰীনগৰৰ বাটমালু অঞ্চলত সন্ত্ৰাসবাদীয়ে আৰক্ষীজনক লক্ষ্য কৰি লৈছিল।

গুলীচালনাত নিহত হোৱা কনিষ্টবলজনক তৌচিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে তেওঁক বাটামালুৰ এছ ডি কলনীত থকা তেওঁৰ বাসগৃহৰ ওচৰত হত্যা কৰা হয়।

এজন আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত কয়, “নিশা ৮ বজাত সন্ত্ৰাসবাদীয়ে বাটামালুৰ এছ ডি কলনীত থকা তেওঁৰ ঘৰৰ ওচৰত জে এণ্ড কেপি কনিষ্টবল তৌচিফ আহমদৰ ওপৰত গুলীচালনা কৰে।”

বিষয়াজনে জনোৱা অনুসৰি গুলীচালনাত কনিষ্টবলজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষীজনক ততাতৈয়াকৈ শ্ৰী মহাৰাজা হৰি সিং চিকিৎসালয়লৈ লৈ যোৱা হয়, অৱশ্যে চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু সন্ত্ৰাসবাদী গোটটোক কৰায়ত্ত কৰিবলৈ সুৰক্ষা বাহিনীয়ে অনুসন্ধান আৰম্ভ কৰিছে।