NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত এমাহতে চাকৰি এৰিলে ৪৪ লাখ লোকে, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 13, 2021 6:49 pm

যিটো সময়ত বিশ্বৰ প্ৰায় ভাগ দেশতে হা চাকৰি হা চাকৰি কৰি লাখ লাখ নিৱনুৱাই হুমুনিয়াহ কাঢ়িছে, সেই সময়তে আমেৰিকাৰ দৰে দেশত মাত্ৰ এমাহৰ ভিতৰতে ৪৪ লাখ লোকে লোভনীয় দৰমহাৰ চাকৰি এৰি দিছে।

মাৰ্কিন শ্ৰম দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি কেৱল ছেপ্তেম্বৰ মাহতে ৪৪ লাখ লোকে চাকৰি এৰিছে।

একেদৰে আগষ্ট মাহত ৪৩ লাখ লোকে চাকৰি এৰিছে।

সেইবাবেই আজিৰ তাৰিখত আমেৰিকাত খালী হৈ পৰা পদৰ সংখ্যা হৈছেগৈ ১ কোটি৪ লাখ।যি কথা ভাৰতৰ দৰে দেশত কল্পনাও কৰিব নোৱাৰি।

কিন্তু আমেৰিকাত এনে কি পৰিস্থিতি হৈছে যে লাখ লাখ লোকে লোভনীয় দৰমহাৰ চাকৰি এৰি দিছে?

দৰাচলতে মাৰ্কিন লোকসকলৰ আত্মবিশ্বাস এতিয়া পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে।

তেওঁলোকে মনতে এই বিশ্বাস ৰাখিব পাৰিছে যে চাকৰি এৰি দিলেও তেওঁলোকে অধিক দৰমহাৰ আন চাকৰি এটা অতি সহজে যোগাৰ কৰি ল’ব পাৰিব।

তদুপৰি মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰ নীতিৰ বাবে আমেৰিকাৰ বিভিন্ন দপ্তৰত এতিয়া লাখ লাখ নতুন পদৰ সৃষ্টি হৈছে।

সেয়ে এটা চাকৰি এৰি দি আন এটা চাকৰি যোগাৰ কৰি লোৱাটো এতিয়া মাৰ্কিন লোকৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা হৈ পৰিছে।

ক’ভিড আতংক আঁতৰি যোৱা নাই বাবে আমেৰিকাৰ বহু চাকৰিয়াল মহিলাই তেওঁলোকৰ সন্তানৰ প্ৰতিপালনৰ বাবে পুনৰ কামলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই।

সেইবাবেও বহু মহিলাই চাকৰি এৰি দিছে।ক’ভিডৰ সময়ত মাৰ্কিন চৰকাৰে কৰ্মস্থললৈ যাব নোৱাৰা কৰ্মচাৰীসকলৰ বাবে বিশেষ ভাট্টা প্ৰদানৰ ব্যৱস্থা কৰিছিল।

সেই ভাট্টাৰ ধন লাভ কৰিও বহুতে যথেষ্ট ধন সঞ্চয় কৰিবলৈ সক্ষম হৈছে। হাতত পৰ্যাপ্ত ধন থকাৰ বাবেও বহুতে চাকৰি এৰি দিবলৈ সাহস পাইছে।