NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত চাহ বাগিচাৰ চকীদাৰৰ মাজত চাইকেল বিতৰণ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ November 13, 2021 8:27 pm

চাহ জনজাতি কল্যাণ বিভাগ আৰু কলিয়াবৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ সৌজ্যনত চাহ বাগিচাৰ চকীদাৰসকললৈ চাইকেল বিতৰণ কৰা হয়।

কলিয়াৰ মহকুমাৰ চাহ বাগিচা সমূহৰ লাইন চকীদাৰসকলৰ মাজত চাইকেল বিতৰণ কৰে কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।

চাহ বাগিচাৰ ১০১ জন চকীদাৰলৈ চাইকেল বিতৰণ কৰা হয়।

চাইকেল বিতৰণী অনুষ্ঠানতেই চাহ বাগিচাৰ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ জোতা-মোজা বিতৰণ কৰা হয়।

চাহ বাগিচাৰ ২৪ গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে সংৰক্ষিত আসন ৰাখিব বুলি তেওঁ মন্তব্য কৰে।

ইফালে¸একেদিনাই কলিয়াবৰৰ অন্যতম শিক্ষানুষ্ঠান কুঁৱৰীটোল হাইস্কুলত কৃৰ্তী শিক্ষয়িত্ৰী যামিনীপ্ৰভা মহন্ত আৰু বিশিষ্ট শিক্ষাবিদ দেৱেন্দ্ৰ নাথ মহন্ত স্মৃতি পুঁথিভঁড়াল উদ্ধোধন কৰা হয়।