NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিচাৰি আছে এহেজাৰ বিঘা মাটি,কিন্তু পাইছেনে বিচাৰি?

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 18, 2021 6:42 am

কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু বিটিআৰত হিন্দুস্থান পেট্ৰোলিয়ামৰ এটি ৰিজাৰ্ভাৰ স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ কথা প্ৰকাশ কৰি ইয়াৰ বাবে প্ৰয়োজনীয় মাটি বিচাৰি নোপোৱাৰ বাবে কাম আগবঢ়া নাই বুলি মন্তব্য কৰিছে ৷

বঙাইগাঁও পৰিভ্ৰমণলৈ অহা মন্ত্ৰী তেলীয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতে হোৱা বাৰ্তালাপত কয় যে বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে এহেজাৰ বিঘা মাটিৰ প্ৰয়োজন যদিও মাটিখিনি অদ্যাপি পোৱা নাই ৷

ইতিমধ্যে বি টি আৰ প্ৰমুখ প্ৰমোদ বড়ো, বিজিআৰ আৰু চিৰাং জিলা প্ৰশাসনৰ বৈঠক অনুষ্ঠিত হৈছে আৰু শীঘ্ৰেই মাটিখিনি পাব বুলি প্ৰকাশ কৰে৷

বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োই এই সন্দৰ্ভত কথা দিয়া বুলিও কয় ৷ আনহাতে বিটিআৰত হিন্দুস্থান পেট্ৰলিয়ামৰ এটি ৰিজাৰ্ভাৰ স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু তাৰ বাবেও দুশ বিঘা মাটিৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী তেলীয়ে ডাংতলত ক্ষেত্ৰ পৰিদৰ্শন কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

ইপিনে পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস হ’ব নেকি আৰু বিৰোধীয়ে চৰকাৰে ১২ টকা হ্ৰাস কৰি ৩০ টকা বঢ়াই দিয়া বুলি কৰা মন্তব্য সম্পৰ্কত মন্ত্ৰী গৰাকীক সাংবাদিকে সোধাত কয় যে মহাৰাষ্ট্ৰ,পশ্চিমবংগ , ৰাজস্থান আদি বিৰোধী দলৰ দখলত থকা ৰাজ্যত প্ৰথমে পেট্ৰ’ল – ডিজেলৰ ওপৰত থকা ৰাজ্যৰ কৰ হ্ৰাস কৰক ৷ তাৰ পিছত আমি বুলি উত্তৰ দিম ৷

মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও শোধনাগাৰত ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি চিৰাং আৰু বঙাইগাঁও জিলাৰ সাংবাদিক, শিক্ষাবিদ, খেলুৱৈ, স্বাস্থ্য কৰ্মী, চিকিৎসক, সমাজকৰ্মী, কৃষি আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ৭৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনায় ৷