NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ হাতীখুলিত চুলাই মদ আৰু লালী গুৰৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান

Posted by: উত্তম শইকীয়া April 5, 2018 8:09 am
assam-1483806426

বোকাখাতৰ নৱ নিযুক্ত মহকুমাধিপতি বিবেক শ্যামৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ এটা অভিযানকাৰী দলে বুধবাৰৰ দিনা কহঁৰা আৰু হাতীখুলি অঞ্চলত চুলাই মদ আৰু এই মদ নিৰ্মাণত ব্যৱহৃত লালী গুৰৰ বিৰুদ্ধে এক অভিযান চলায় ৷

অভিযান কালত দলটোৱে অবৈধ ভাৱে মজুত ৰখা বৃহৎ পৰিমানৰ লালী গুৰ আৰু ফিটকিৰি জব্দ কৰে ৷

বিশেষ সুত্ৰৰ তথ্যৰ আধাৰত অভিযানকাৰী দলে অতৰ্কিতে চলোৱা অভিযানত হাতীখুলিত থকা প্ৰতিষ্ঠিত ব্যৱসায়ী বিন্দালাল গোস্বামীৰ ব্যাৱসায় প্ৰতিষ্ঠানৰ পৰা ১,১৪৮ কিলোগ্ৰাম লালী গুৰ আৰু ফিটকিৰিও জব্দ কৰে ৷

বিন্দালাল গোস্বামীৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ইমান বৃহৎ পৰিমানৰ অবৈধ ভাৱে মজুত ৰখা লালী গুৰ জব্দ কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷

দীৰ্ঘদিন ধৰি লালী গুৰৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এনেদৰে বৃহৎ পৰিমানৰ অবৈধভাৱে মজুত ৰখা লালী গুৰ জব্দ কৰা ঘটনাই ইয়াৰ সত্যতা প্ৰতিপন্ন কৰিলে।

চুলাই মদৰ ক্ষেত্ৰতো অঞ্চলটোত অভিযান চলাই ঘাটিসমূহ উৎখাত কৰাৰ আশা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।