NORTHEAST NOW (Assamese)
ক্ৰীড়া

ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত আদালতত হাজিৰ ২০১৮ চনৰ বিশ্বকাপ জয়ী ফুটবলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2021 6:25 pm
Benjamin Mendy

ফ্ৰান্স আৰু ম্যানচেষ্টাৰ চিটিৰ তাৰকা ফুটবলাৰ বেঞ্জামিন মেণ্ডি বুধবাৰে দুটা অতিৰিক্ত ধৰ্ষণৰ গোচৰত আদালতত হাজিৰ হয়।নতুনকৈ দুটা অভিযোগ উত্থাপন হোৱাৰ পিছত ২৭ বছৰীয়া ডিফেণ্ডাৰগৰাকীয়ে ধৰ্ষণৰ ছয়টা অভিযোগ আৰু এটা যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হৈছে।

২০২০ চনৰ অক্টোবৰৰ পৰা এই বছৰৰ আগষ্ট মাহৰ ভিতৰত উত্তৰ-পশ্চিম ইংলেণ্ডৰ প্ৰেষ্টবাৰীত থকা মেণ্ডিৰ বাসগৃহত ১৬ বছৰতকৈ অধিক বয়সৰ চাৰিগৰাকী মহিলাৰ ওপৰত এই অপৰাধ সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে।

মেণ্ডি ভিডিঅ’লিংকৰ জৰিয়তে মানচেষ্টাৰৰ দণ্ডাধীশসকলৰ সন্মুখত জিম্মাৰ পৰা উপস্থিত হয়। উল্লেখ্য আগষ্ট মাহত অভিযুক্ত কৰাৰ পিছৰে পৰা মেণ্ডিক বন্দী কৰি ৰখা হৈছে।

জিলা ন্যায়াধীশ মাৰ্গাৰেট মেককৰ্মাকে গোচৰটো চেষ্টাৰ ক্ৰাউন আদালতলৈ প্ৰেৰণ কৰে, য’ত মেণ্ডি আজি এক নিৰ্ধাৰিত শুনানিৰ বাবে হাজিৰ হ’ব।

জামিনৰ বাবে কোনো আবেদন কৰা হোৱা নাই আৰু মেণ্ডিক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। অহা বছৰৰ ২৪ জানুৱাৰীৰ বাবে এটা পৰীক্ষণৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

২০১৮ চনৰ বিশ্বকাপ বিজয়ী ফ্ৰাঞ্চ ফুটবল দলৰ সদস্য মেণ্ডিয়ে ফ্ৰান্সৰ হৈ ১০ খন আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ লৈছে। অৱশ্যে ফৰ্মহীনতাৰ বাবে তেওঁ ২০১৯ চনৰ নৱেম্বৰতে অন্তিম বাৰৰ বাবে ফ্ৰাঞ্চৰ হৈ খেলপথাৰত নামিছিল।

আনহাতে ইংলিছ প্ৰিমিয়াৰ লীগৰ দল মানচেষ্টাৰ চিটীৰ হৈ ভাগ লোৱা মেণ্ডিক অপৰাধমূলক কাৰ্যৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে প্ৰিমিয়াৰ লীগৰ পৰা নিলম্বন কৰিছে।