NORTHEAST NOW (Assamese)
অসম

Preity Zinta যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী প্ৰীতি জিন্টা; শ্বেয়াৰ কৰিলে ৪৬ বছৰত মাতৃ হোৱাৰ অনুভুতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2021 9:05 pm

Preity Zinta যমজ সন্তানৰ মাতৃ হ’ল মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা। বৃহস্পতিবাৰে ৪৬বছৰ বয়সত অভিনেত্ৰীগৰাকীয়ে মাতৃত্ব লাভ কৰাৰ খৱৰটো ছচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিলে প্ৰীতিৰ স্বামী জেন গুডেনাফে।গুডেনাফে টুইটাৰ তথা ইনষ্টাগ্ৰামত এই ভাল খৱৰটো শ্বেয়াৰ কৰি লিখিছে যে ‘আমি যমজ সন্তানৰ অভিভাৱক হ’লো’।

তেওঁ লগতে দুই সন্তানৰ নাম উল্লেখ কৰিছে। ইয়াৰে ল’ৰা সন্তানটিৰ নাম ৰাখিছে জয় জিন্টা গুডেনাফ আৰু আৰু কন্যা সন্তানটিৰ নাম ৰাখিছে জিয়া জিন্টা গুডেনাফ।

প্ৰীতি আৰু তেওঁৰ স্বামীয়ে ছাৰোগেছি অৰ্থাৎ ভাড়াতীয়া মাতৃৰ জৰিয়তেই এই যমজ সন্তান লাভ কৰিছে।  

অভিনেত্ৰীগৰাকীয়ে সকলো চকিৎসক, নাৰ্ছকে যিসকলে ছাৰোগেছিৰ প্ৰক্ৰিয়াত তেওঁলোকক সহায় কৰিছে সকলোকে ধন্যবাদ জনাইছে। প্ৰীতিয়ে লিখিছে, ’’জেন-জিয়া-প্ৰীতি-জয়ৰ ফালৰ পৰা সকলোলৈ বহুত ভালপোৱা থাকিল।‘’

প্ৰীতি জিন্টাই সদায় তেওঁৰ অনুৰাগীসকলক বিভিন্ন সময়ত চমক দি আহিছে। ২০১৬চনৰ ১৯ ফেব্ৰুৱাৰীত হঠাৎ বিয়াৰ খৱৰ দিছিল প্ৰীতিয়ে।

লছ এঞ্জেলেছ নিবাসী জেন গুডেনাফক বিয়া কৰাই প্ৰীতিয়ে মুম্বাই এৰি লছ এঞ্জেলছত গৈ সংসাৰ পাতে।

WhatsApp Image 2021-11-18 at 8.56.35 PM
স্বামী জেন গুডেনাফৰ সৈতে প্ৰীতি জিন্টা।

উল্লেখ্য যে শ্বাহৰুখ খানৰ সৰু পুত্ৰ এব্ৰাহামৰ জন্মও ছাৰোগেছিৰ জৰিয়তে হৈছিল। তুষাৰ কাপোৰো পিতৃ হৈছে ছাৰোগেছিৰ জৰিয়তেই। আনকি ছানী লিয়নিয়েও যমজ সন্তানৰ মাতৃ হৈছে এই পদ্ধতিৰেই।

এই তালিকা বেছ দীঘলীয়া। অভিনেত্ৰী শিল্পা ছেট্টিয়েও তেওঁৰ দ্বিতীয় সন্তান ছামিছাৰ জন্মৰ ক্ষেত্ৰত ছাৰোগেছিৰ সহায় লৈছিল।

প্ৰীতি জিন্টাই ১৯৯৮ চনত মনিৰত্নমৰ দিল ছে ছবিৰ জৰিয়তে বলিউদত প্ৰৱেশ কৰিছিল। তাৰ পাছত ‘কাল হো না হো’, ‘বীৰজৰা’, ‘দিল চাহতা হেয়’, ‘কভি এলবিদা না কেহনা’কে ধৰি বহুকেইখন ছবি উপহাৰ দিছে।