NORTHEAST NOW (Assamese)
অসম

Telengana CM K Chandrashekar Rao চাপত কেন্দ্ৰ! আন্দোলনত মৃত্যু হোৱা ৭৫০ জন কৃষকৰ পৰিয়াললৈ তেলেংগানা চৰকাৰৰ ৩লাখ টকাৰ অনুদান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2021 12:21 pm
Telengana Govt. annunces 3 lakh each to farmer Myrters

Telengana CM K Chandrashekar Rao কৃষি আইন প্ৰত্যাহাৰৰ পাছতেই নতুনকৈ চাপ বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। এবছৰ ধৰি চলি থকা কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী তুলিছে বিৰোধীয়ে।

কিন্তু চাপ বৃদ্ধিয়েই নহয়, শেহতীয়াকৈ বিজেপি বিৰোধী শিৱিৰত যোগ দিয়া তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে তেওঁৰ ৰাজ্য চৰকাৰৰ পৰা কৃষক আন্দোলনত মৃত্যু বৰণ কৰা সকলো কৃষকৰ পৰিয়াললৈ ৩লাখকৈ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কখা ঘোষণা কৰিছে।

কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৰা আন্দোলনত যোৱা এবছৰত কমেও ৭০০ কৃষকৰ মৃত্যু হোৱা বুলি কৃষক সংগঠনসমূহে দাবী কৰি আহিছে।

Also Read: Adanis Mundra Port ড্ৰাগছৰ পাছত এইবাৰ আদানিৰ মুন্দ্ৰা বন্দৰত উদ্ধাৰ পাকিস্তানৰ পৰা অহা তেজস্ক্ৰিয় পদাৰ্থ

ইপিনে, বিৰোধী দলসমূহে দাবী কৰিছে যে যিহেতু প্ৰধানমন্ত্ৰীয়ে ভুল স্বীকাৰ কৰিলেই, গতিকে মৃত কৃষকৰ পৰিয়ালবোৰক ক্ষতিপূৰণ দিব লাগে। সেয়াই নহয়, আনকি বিজেপিৰেই সাংসদ বৰুণ গান্ধীয়েও মৃত কৃষকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা কৈছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে স্পষ্ট কৰি জনাইছে যে কেন্দ্ৰৰ মোদী চৰকাৰে মৃত কৃষকসকলৰ পৰিয়াললৈ কেমও ২৫ লাখকৈ টকাৰ সাহায্য দিয়া উচিত। তেওঁ কেন্দ্ৰক দাবী কৰাই নহয়, লগতে নিজৰ ৰাজ্য চৰকাৰৰ পৰা শ্বহীদ কৃষকৰ প্ৰতিটো পৰিয়াললৈ ৩লাখকৈ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰে।

Also Read: Road Accident কলিয়াবৰৰ নলতলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত প্ৰাক্তন ছাত্ৰ নেতা

উল্লেখ্য যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আচৰিত কৰি কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে। দেশবাসীৰ ওচৰত ক্ষমাও বিচাৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছৰে পৰাই প্ৰশ্ন উঠিছে যে ইমানদিনে চৰকাৰৰৰ আকোঁৰগোজ স্থিতিৰ বাবে যিসকল কৃষকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল তেওঁলোকৰ কি হ’ব?