NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

কৰ’ণাত আক্ৰান্ত চুপাৰষ্টাৰ কমল হাছান, চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2021 8:06 pm

কৰ’ণাত আক্ৰান্ত হৈছে চুপাৰষ্টাৰ অভিনেতা তথা ৰাজনৈতিক দল মক্কল নিধি মায়ামৰ সভাপতি কমল হাছান। কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উভতি অহাৰ পিছৰে পৰা জ্বৰ আৰু কাহত আক্ৰান্ত হৈছিল অভিনেতাজন।

আজি পৰীক্ষাৰ পিছত তেওঁৰ শৰীৰত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰে আৰু চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তামিল ভাষাত টুইটাৰত অভিনেতাজনে লিখিছে, “আমেৰিকা ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত চৰ্দি আৰু কাহৰ সমস্যা হৈছিল। পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ক’ভিদ সংক্ৰমণ ধৰা পৰে। মই চিকিৎসালয়ত ভৰ্তি হৈ আছো। বাকী সকলো ঠিকেই আছে। কৰ’ণা মহামাৰী এতিয়াও শেষ হোৱা নাই।”

যোৱা ৭ নৱেম্বৰত ৬৭ তম জন্মদিন উদযাপন কৰা অভিনেতাজনে জন্মদিনৰ দিনাই তেওঁৰ আহিবলগীয়া ছবি ‘বিক্ৰম’ৰ পোষ্টাৰ মুকলি কৰিছিল।

অভিনেতাজনৰ অনুৰাগীসকলে তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনাৰে প্ৰাৰ্থনা কৰাৰ লগতে চিনেমা উদ্যোগৰ তাৰকাসকলেও অভিনেতাজনৰ সুস্বাস্থ্যৰ কামনাৰে বাৰ্তা আগবঢ়াইছে।