NORTHEAST NOW (Assamese)
অসম

Accident at Kaliabhomora Bridge কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি পথৰ ওপৰতে বাগৰিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক; যানজঁটত আৱদ্ধ এম্বুলেন্স

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ November 26, 2021 7:56 am
Kaliabhomora accident

Accident at Kaliabhomora Bridge পুৱতি নিশা কলিয়াভোমোৰা সেঁতুত পুনৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে।দলঙৰ ৰেলিং ভাঙি পথৰ ওপৰতে বাগৰি পৰিল এখন ট্ৰাক।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ NL 01A B 3444 । ট্ৰাকখনে এখন নম্বৰ প্লেটবিহীন মালবাহী টাটা মেজিকক খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

বৰ্তমানো সন্ধানহীন ট্ৰাকখনৰ হেণ্ডিমেনজন। দুৰ্ঘটনাটোৰ ফলত আবদ্ধ হৈ পৰে দুয়োপাৰৰ যানবাহনসমূহ।

উল্লেখযোগ্য যে যোৱা ২২ নবেম্বৰত এখন ট্ৰাক দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰাৰ পিছত আজি পুনৰ এই দুৰ্ঘটনাটো সংঘটিত হয়।

Also Read: Accident at Kaliabhomora Bridge কলীয়াভোমোৰা সেঁতুত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

ঘটনাস্থলীত তেজপুৰ আৰক্ষীৰ লগতে কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

আনহাতে, সন্ধানহীন হেণ্ডিমেন জনৰ নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ আৰক্ষী।

Accident Kaliabhomora.png1

হেণ্ডিমেন জন কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰিৰ দিলীপ তাছা বুলি জানিব পৰা গৈছে। বৰ্তমান শোণিতপুৰ আৰক্ষীয়ে হেণ্ডিমেনজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

ইপিনে, দুর্ঘটনাস্থলীত আন এক হৃদয় বিদাৰক দৃশ্য দেখা পোৱা গ’ল।

কলিয়াভোমোৰা সেঁতুত দুর্ঘটনাগ্ৰস্ত বাহন পৰি ৰোৱাত নগাঁও-তেজপুৰ দুয়ো দিশ সম্পূৰ্ণ বন্ধ হৈ পৰাত এম্বুলেন্স সেৱাত অনা ৰোগী আৰু মৃতদেহ মাজবাটতে সলনা সলনি কৰি নিব লগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয়।