NORTHEAST NOW (Assamese)
অসম

ধুবুৰীৰ বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ বাবে উপায়ুক্তৰ তৎপৰতা

Posted by: মুকেশ কুমাৰ সিং, ধুবুৰী Updated by: মুকেশ কুমাৰ সিং, ধুবুৰী November 27, 2021 1:05 pm
WhatsApp Image 2021-11-27 at 11.57.01 AM

ধুবুৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ বাবে শুকুৰবাৰে বিয়লি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়৷

জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত সকলো চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ হিচাপ ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা কৰা ‘ৰিমছ’ এপ ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰা হয়৷

বহুসংখ্যক শিক্ষা বিষয়া আৰু জ্যেষ্ঠ শিক্ষক উপস্থিত থকা বৈঠকখনত ধুবুৰীৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক দৈনিক ‘ৰিমছ’ এপ যোগে উপস্থিতিৰ হিচাপ দিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷

Also Read: Covid-19 Update দেশত হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্ৰমণ; নতুন ভেৰিয়েন্ট Omicronক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী

 বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া উপস্থিতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ স্বাৰ্থত জিলাখনৰ ‘ৰিমছ’ এপ ব্যৱহাৰ নকৰা শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ হ’ব বুলি বৈঠকত জিলা উপায়ুক্তই স্পষ্ট কৰি দিয়ে৷

বৈঠকত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল দাস, জিলাখনৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল উপস্থিত থাকে৷