NORTHEAST NOW (Assamese)
দেশ

সংসদত যিকোনো বিষয়ত আলোচনাৰ বাবে সাজু চৰকাৰ: মোদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2021 3:57 pm
Narendra Modi

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু চৰকাৰ— প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা সদৰী কৰিছে। লগতে মোদীয়ে বিৰোধীক সদন আৰু অধ্যক্ষৰ মৰ্যাদাৰ প্ৰতি সতৰ্ক হ’বলৈ আহ্বান জনায়।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোডীয়ে কালি অধিৱেশনৰ উদ্দেশ্যে এখন সৰ্বদলীয় বৈঠকত উপস্থিত থকাৰ পৰা বিৰত আছিল। ইয়াৰ বাবে বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল।

কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গে মন্তব্য কৰিছিল যে বিৰোধীয়ে বৈঠকত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব বুলি আশা কৰিছিল।

দেওবাৰে তেওঁ কয়, “আমি কৃষি আইনৰ বিষয়ে চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছিলো। এই তিনি আইন পুনৰ আন কোনো ৰূপত আহিব পাৰে বুলি কিছু আশংকা আছে।”

আজি অধিৱেশনৰ প্ৰাক্ মুহূৰ্তত মোদীয়ে কয়, “চৰকাৰে সকলো বিষয় আলোচনা কৰিবলৈ সাজু, সকলো প্ৰশ্নৰ উত্তৰ দিবলৈও সাজু। আমি সংসদত প্ৰশ্ন বিচাৰো আৰু শান্তিও বিচাৰো। চৰকাৰ বা চৰকাৰী নীতিৰ বিৰুদ্ধে যিকোনো প্ৰশ্ন উত্থাপন কৰা হওক। অৱশ্যে সংসদ আৰু অধ্যক্ষৰ মৰ্যাদা ৰক্ষা হ’ব লাগে।”

লগতেপ্ৰধানমন্ত্ৰী মোদীয়ে নতুন কোভিড প্ৰকাৰ ‘অ’মিক্ৰন’ সন্দৰ্ভতো সতৰ্কবাণী প্ৰদান কৰে আৰু সকলোকে সতৰ্ক হ’বলৈ আহ্বান জনায়।

অৱশ্যে ইতিমধ্যে সংসদত গৃহীত হোৱা কৃষি আইন বাতিল বিধেয়ক ২০২১ সন্দৰ্ভত চৰকাৰে আলোচনাৰ অনুমতি নিদিয়াৰ বাবে বিৰোধী দলসমূহে চৰকাৰক সমালোচনা কৰিছে।

উল্লেখ্য যে শীতকালীন অধিৱেশনত চৰকাৰে ৩৬ খন বিধেয়ক উত্থাপনৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে বিতৰ্কিত কৃষি আইন বাতিল বিধেয়ক ২০২১ সংসদত গৃহীত হৈছে।