NORTHEAST NOW (Assamese)
Popular Stories

আটাইতকৈ কম সময়ৰ ভিতৰত ধৰ্ষণকাৰীক শাস্তি দিয়াৰ অভিলেখ গঢ়িলে বিহাৰৰ আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2021 7:19 pm
Violation of modesty

বিহাৰৰ আৰাৰিয়া জিলাৰ POCSO(Protection of Children from Sexual Offences) আদালতে এগৰাকী আঠ বছৰীয়া নাবালিকাক ধৰ্ষণৰ গোচৰত মাত্ৰ এদিনতে ৰায় ঘোষণা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

এই ৰায় দেশৰ POCSO আদালতৰ আটাইতকৈ কম সময়ৰ ভিতৰতে ঘোষণা কৰা ৰায় হিচাপে পৰিগণিত হৈছে।

অৱশ্যে ৪ অক্টোবৰতে এই ৰায় ঘোষণা কৰা হৈছিল যদিও অৰ্ডাৰ শ্বীট উপলব্ধ হোৱাৰ পিছত শুক্ৰবাৰেহে বিষয়টো পোহৰলৈ আহে।

নাবালিকা গৰাকী যোৱা ২২ জুলাইত ধৰ্ষণৰ বলি হৈছিল আৰু তাৰ পিছদিনা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল। উক্ত গোচৰটো আৰাৰিয়া মহিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতা কুমাৰীয়ে তত্বাৱধান কৰিছিল।

POCSO আদালতৰ বিশেষ ন্যায়াধীশ শশীকান্ত ৰায়ে দোষীক আজীৱন শাস্তি প্ৰদান কৰে আৰু ৫০,০০০ টকাৰ জৰিমনা আৰোপ কৰে। আদালতে ভুক্তভোগী ক্ষতিপূৰণ পুঁজিৰ পৰা ভুক্তভোগীজনক ৭ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে।

বিহাৰ চৰকাৰৰ গৃহ বিভাগৰ অভিযোজন সঞ্চালকালয়ৰ এক প্ৰেছ টোকাত কোৱা হৈছে: “এইটো সম্ভৱতঃ প্ৰথম ঘটনা য’ত বিচাৰৰ এটা দিনতে শাস্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ দাতিয়া জিলাৰ এখন আদালতে ২০১৮ চনৰ ৮ আগষ্টত তিনি দিনৰ বিচাৰৰ পিছত এটা ৰায় প্ৰদান কৰিছিল। বিহাৰে এতিয়া দোষীক আজীৱন কাৰাদণ্ড প্ৰদান কৰি এদিনতে বিচাৰ চলাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।”

ৰায়ে তেওঁৰ ২০ পৃষ্ঠাৰ আদেশত কয়, “ভুক্তভোগীৰ সমগ্ৰ সাক্ষ্যবোৰ প্ৰমাণ কৰাৰ পিছত স্পষ্ট হৈছে যে তদন্তকাৰী বিষয়াই ঘটনাৰ স্থান ভালদৰে প্ৰমাণ কৰিছে আৰু তদন্তত কোনো ত্ৰুটি দেখুওৱা হোৱা নাই। প্ৰতিৰক্ষা পক্ষই ঘটনাস্থলী আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা ঠাইৰ বিষয়ে কোনো বিতৰ্ক কৰা নাছিল।”