NORTHEAST NOW (Assamese)
অসম

Handique Girls College: সন্দিকৈ মহাবিদ্যালয়ক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা; স্থগিত কৰা হ’ল সকলো পাঠদান,পৰীক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2021 8:17 pm
Handique-Girls-College-Guwahati-750x375

Handique Girls College শেহতীয়াকৈ মহানগৰীত ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ শিক্ষানুষ্ঠান কিছুমানত শিক্ষক তথা শিক্ষাৰ্থী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত সাময়িকভাৱে সংশ্লিষ্ট শিক্ষানুষ্ঠান সাময়িকভাৱে বন্ধ ৰখাও হৈছে।

ইয়াৰ মাজতে গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কেইবাগৰাকীও ক’ভিড-১৯ আক্ৰান্ত হোৱাৰ পাছত মহাবিদ্যালয়খনক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

মহাবিদ্যালয়খনৰ সকলো শ্ৰেণীৰ পাঠদানৰ লগতে পৰীক্ষাসমূহো পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত কৰা হৈছে।

FFhrLijVQAYv2hD

মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল দত্তই বুধবাৰে জাৰি কৰা জাননীত কোৱা হৈছে যে  মহাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষাৰ্থী তথা কৰ্মচাৰীৰ ক’ভিড-১৯ ধৰা পৰাৰ পাছত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে এক নিৰ্দেশযোগে ১ডিচেম্বৰ পৰা অহা ৭ ডিচেম্বৰলৈকে ৭দিনৰ বাবে মহাবিদ্যালয়খনক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

চৌহদৰ ভিতৰত অকৰ্তৃত্বশীল লোক তথা বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

আনহাতে, মহাবিদ্যালয়খনৰ সকলো বিভাগকে অনলাইন শ্ৰেণী চলাই যাবলৈ নিৰ্দেশ দিয়া হৈছে।