NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2021 6:53 am
WhatsApp Image 2021-11-05 at 9.11.41 AM

Covid Update ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে থকালৈ চাই অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত কোভিডত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বুধবাৰে ৰাজ্যখনত কোভিডত ৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১২৪ গৰাকী লোক।

এই সময়ছোৱাত ২৮,১১২টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬০ গৰাকী লোক। সেইদৰে, ১৩গৰাকী কামৰূপ গ্ৰাম্যৰ, ৯গৰাকী নগাঁৱৰ আৰু ৭গৰাকী যোৰহাটত আক্ৰান্ত হৈছে।

বৰ্তমান ৰাজ্যত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৮৮ গৰাকী ৰোগী।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১৯ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬০ শতাংশ।

আনহাতে, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কেইবাগৰাকীও শিক্ষাৰ্থী তথা কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ পাছত বুধবাৰে মাইক্ৰ’ কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে আৰু অহা ৭ ডিচেম্বৰলৈ সকলো পাঠদান তথা পৰীক্ষা স্থগিত ৰখা হৈছে।