NORTHEAST NOW (Assamese)
অসম

নিশা মহানগৰীৰ গণেশগুৰি ফ্লাইঅ’ভাৰত পানীৰ টেংকাৰে সংঘটিত কৰিলে এক ভয়ংকৰ দুৰ্ঘটনা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী December 4, 2021 11:43 am
WhatsApp Image 2021-12-04 at 11.15.50 AM

মহানগৰীৰ গণেশগুৰি ফ্লাইঅভাৰত নিশা এখন পানীৰ টেংকৰে লাইট পোষ্টত খুন্দা মৰাৰ ফলত অভাৰব্ৰীজৰ কংক্ৰিটৰ দেৱালৰ এটা অংশ ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ পিছতো ট্ৰাকৰ ইঞ্জিন চলি আছিল আৰু ফলত দুৰ্ঘটনাস্থলীত ৰাইজৰ মাজত এক আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

নিশা ডেৰ বজাত ভঙাঘৰৰ দিশৰ পৰা অহা পানী টেংকাৰ খনে এই দুৰ্ঘটনাটো সংঘটিত কৰে। পানীৰ টেংকাৰখনৰ নম্বৰ হৈছে AS 01 AA 1251।

Also Read: Road Accident কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন; দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকসহ চালকক আটক

ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইপিনে, প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে দিচপুৰ আৰক্ষী দুৰ্ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হৈছিল।

দুৰ্ঘটনাটোৱে গণেশগুৰি অঞ্চলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৰ্তমান আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেকৰ সন্ধানত অভিযান চলাই আছে।