NORTHEAST NOW (Assamese)
দেশ

নাগালেণ্ডত সেনাৰ দ্বাৰা নিৰীহ জনতা হত্যা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ক জবাবদিহি ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2021 6:08 pm
Rahul Gandhi on Nagaland Case

নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৪ জনকৈ সাধাৰণ নিৰীহ জনতাই প্ৰাণ হেৰুওৱাৰ পিছত এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত গৃহ মন্ত্ৰালয়ক জবাবদিহি কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

নিৰীহৰ হত্যাৰ উত্তৰ বিচাৰি ৰাহুল গান্ধীয়ে কেন্দ্ৰক আক্ৰমণ কৰি কয়, “আমাৰ নিজৰ ভূমিত অসামৰিক লোক বা নিৰাপত্তাকৰ্মী সুৰক্ষিত নহ’লে গৃহ মন্ত্ৰালয়ে কি কৰি আছে?”

ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীগান্ধীয়ে টুইট কৰে, “এয়া হৃদয় বিৰক্তিকৰ। ভাৰত চৰকাৰৰ প্ৰকৃত উত্তৰ দিব লাগিব। যেতিয়া আমাৰ নিজৰ ভূমিত অসামৰিক লোক বা সুৰক্ষা কৰ্মী সুৰক্ষিত নহয় তেতিয়া গৃহ মন্ত্ৰালয়ে প্ৰকৃততে কি কৰি আছে?”

 

উল্লেখ্য যে, বিদ্ৰোহীৰ সম্ভাৱ্য চলাচলৰ বিষয়ে বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত অভিযান চলোৱা হৈছিল বুলি মন্তব্য কৰিছে সেনা বিষয়াই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত বিশেষ তদন্ত দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে নাগালেণ্ডৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে।