NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰমাৎ উত্তপ্ত নাগালেণ্ড, মৃতকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2021 8:59 pm
Nagaland

শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাত আসাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত নিৰীহ লোকৰ মৃত্যুৰ পাছত ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে নাগালেণ্ড। শেহতীয়া খবৰ অনুসৰি মৃত নিৰীহ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে।

সেনাৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি আজি সহস্ৰ জনতা ৰাজপথলৈ ওলাই আহে। ক্ৰমাৎ উত্তপ্ত হৈ পৰা জনতাক লক্ষ্য কৰি সেনাই পুনৰ গুলীচালনা কৰে আৰু এই গুলীচালনাত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়।

শেহতীয়া খবৰ অনুসৰি মন জিলাত ইন্টাৰনেট আৰু এছএমএছ সেৱাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে আৰু ১৪৪ ধাৰা জাৰি কৰিছে।

ছয় নগ জনগোষ্ঠীৰে গঠিত ইষ্টাৰ্ণ নাগালেণ্ড পিপ’লচ্ অৰগেনাইজেচনে হৰ্ণবিল মেলাত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হৰ্ণবিল মেলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। অনুষ্ঠানটোৰ অন্তৰ্গত কন্যাক, চাং, ফোম, চাংটাম, ইমখিউঙ আৰু খিয়নিয়াংগাঙ জনগোষ্ঠীয়ে নগা হেৰিটেজ ভিলেজত ক’লা পতাকা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি প্ৰতিবাদী পোষ্টাৰিং কৰাৰ লগতে 

সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিছে মুৰুং।

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) বাতিলৰ দাবীত নগা জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে।

আনহাতে ১৫ জন সাধাৰণ লোকৰ হত্যাক ‘ক’লা দিৱস’ বুলি অভিহিত কৰি এন এছ চি এন (আই এম)য়ে দেওবাৰে কয় যে “নিৰীহ নগাসকলৰ তেজেৰে হাত ৰঙা কৰি ভাৰতীয় সেনা বাহিনীয়ে কেতিয়াও হাত ধুব নোৱাৰিব।”