NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ: মৰগীয়া বানচ ৩ শতাংশলৈ বৃদ্ধিৰ নিৰ্দেশ বিত্ত বিভাগৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 6, 2021 9:21 pm

কোভিড পৰিস্থিতিৰ মাজতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে এক সুখবৰ।

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে আজি এক নিৰ্দেশনাৰ জৰিয়তেকৰ্মচাৰীসকলৰ মৰগীয়া বানচ পুনৰ ৩ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

বিত্ত বিভাগে জাৰি কৰা নিৰ্দেশনামৰ্মে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই ৰাজ্যিক কৰ্মচাৰীসকলে এই বৰ্ধিত মৰগীয়া বানচ লাভ কৰিব।

অৰ্থাৎ চিচেম্বৰ মাহৰ দৰমহাৰ সৈতেই কৰ্মচাৰীসকলে বৰ্ধিত ৩ শতাংশ মৰগীয়া বানচ লাভ কৰিবলৈ সক্ষম হ’ব।

শেহতীয়াকৈ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ ফলত এতিয়া ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৩১ শতাংশ হ’বগৈ।

Dearness allowances (1)

পেন্সনাৰসকলেও এই বৰ্ধিত বানচ লাভ কৰিব।যে ৱৰ্ক চাৰ্জ কমৰ্চাৰীসকলকো এই বানচ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইপিনে মৰগীয়া বানচৰ বকেয়া ধন (১-০৭-২০২১ৰ পৰা ৩০-১১-২০২১লৈ) এটা কিস্তিতে বেংকৰ একাউণ্টত জমা কৰিবলৈ বিত্ত বিভাগৰ শেহতীয়া নিৰ্দেশনাটোত কোৱা হৈছে।

নিৰ্দেশনাটোত ৰাজ্যৰ সকলো কোষাগাৰ, বেংকৰ সংশ্লিষ্ট বিষয়াকে এই বিষয়ত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।