NORTHEAST NOW (Assamese)
অসম

শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিয়োগ সত্ৰাধিকাৰৰ; শোকস্তব্ধ সকলো গুণমুগ্ধ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 7, 2021 7:32 am
Satradhikar death

টীয়কৰ লাহদৈগড়ৰ মইনাপৰীয়াস্থিত শ্ৰী শ্ৰী পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ সোমবাৰে পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখযোগ্য যে অহা ৮ ডিচেম্বৰত সত্ৰাধিকাৰ গৰাকীয়ে শতবৰ্ষ অতিক্ৰম কৰিলেহঁতেন।

লক্ষ্যনীয় যে সত্ৰাধিকাৰ গৰাকীৰ শতবৰ্ষ উদযাপনৰ বাবে টীয়ক শাখা সাহিত্য সভাই স্থানীয় ৰাইজৰ সহযোগত সত্ৰৰ প্ৰাংগণত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰাৰ উপৰি “শতায়ু প্ৰদীপ” শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰাৰ প্ৰস্তুতি চলাইছিল।

Also Read: হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দিলে গোচৰ

শতবৰ্ষ উদযাপনৰ এই প্ৰস্তুতি চলি থকাৰ সময়তে সত্ৰাধিকাৰ গৰাকীৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 

সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে পটিয়ৰী সত্ৰত সত্ৰাধিকাৰ গৰাকীৰ গুণমুগ্ধসকল সমবেত হৈ সত্ৰাধিকাৰ গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।