NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ নাগ্ৰীজুলিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা December 8, 2021 4:12 pm

বাক্সাৰ নাগ্ৰীজুলিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে ।

তামুলপুৰ আৰক্ষী আৰু এছএছবিৰ অভিযানত জব্দ।প্ৰায় ৩৬.৪ কিলোগ্ৰাম গাঞ্জা জব্দ।

গোপন সূত্ৰৰ পম খেদি নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত আৰক্ষী আৰু এছএছবিয়ে অভিযান চলাই নাগ্ৰীজুলিৰ ১৯ নম্বৰ শ্ৰমিক লাইনৰ পৰা AS – 13 L- 8555 নম্বৰৰ এখন মাৰুতি এলটো বাহনৰ পৰা ৩৬.৪ কিলগ্ৰাম গাঞ্জা জব্দ কৰে ।

আৰক্ষীয়ে তিনি সৰবৰাহকাৰী ক্ৰমে নীতিশ দৈমাৰী , নিপুণ দৈমাৰী আৰু বিৰ্মল দৈমাৰীক আটক কৰে।

তিনি যুৱকৰ বিৰুদ্ধে তামুলপুৰ থানাত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত তিনিওগৰাকী যুৱকক জেৰা অব্যাহত ৰাখিছে ।