NORTHEAST NOW (Assamese)
অসম

Protest at Guwahati শ্রমিক হত্যাৰ বিচাৰ আৰু আফস্পা বাতিলৰ দাবীত মানৱ অধিকাৰ দিৱসৰ দিনাই দুঘন্টীয়া প্রতিবাদী কাৰ্যসূচী

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী December 10, 2021 4:00 pm

আজি আন্তর্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে কেবাটাও সংগঠন, ছাত্র সংগঠনৰ উদ্যোগত জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ সমাধিক্ষেত্ৰত নাগালেণ্ডত সেনাই হত্যা কৰা নিৰীহ শ্ৰমিকৰ ন্যায়, ক’লা আইন ১৯৫৮ (আফস্পা) বাতিলৰ দাবীত দুঘন্টীয়া প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

নাগা ছাত্র নেতা এল এইচ কুলু, এম বংশি ফাঁসেই প্রতিবাদত অংশ লৈ শ্রমিক হত্যাৰ তীব্র নিন্দা কৰে। লগতে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পোৱাটো বিচাৰে।

সভাত অসম মহিলা সংঘৰ অসমী গগৈ, জাতীয়তাবাদ পুননির্মাণ সমিতিৰ সম্পাদক ৰাজকুমাৰ বৈশ্য, মানৱ অধিকাৰ সংগ্রাম সমিতিৰ প্রাক্তন সচিব প্রণয় বেড়িয়া সহ বহু কেইজন ব্যক্তি উপস্থিত থাকে।