NORTHEAST NOW (Assamese)
দেশ

ধৰ্মান্তকৰণৰ অভিযোগ: গীৰ্জাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা হিন্দুত্ববাদী গোটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2021 8:09 pm
Right-Wing Groups Try To Enter Haryana Church

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে উগ্ৰ হিন্দুত্ববাদী গোট সমূহৰ সংবিধান বিৰোধী কাৰ্যসূচী। ভাৰতীয় সংবিধানে দেশৰ নাগৰিকক ইচ্ছানুসৰি ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ প্ৰদান কৰিছে যদিও উগ্ৰ হিন্দুত্ববাদী গোট সমূহে এই ব্যক্তি স্বতন্ত্ৰতাত হস্তক্ষেপ কৰিবলৈ লৈছে।

শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুকলি পৃষ্ঠপোষকতাতে হিন্দুত্ববাদী দল সমূহৰ এই আগ্ৰাসন চলিছে বুলি ক’লে ভুল কোৱা নহ’ব। ভাৰতক হিন্দু ৰাষ্ট্ৰৰ ৰূপ দিয়াত ধাৱমান হোৱা এই দলসমূহে অন্য ধৰ্মৰ প্ৰতি এক প্ৰকাৰৰ ভাবুকিৰ সৃষ্টি কৰিছে।

এইবাৰ কেইবাটাও সোঁপন্থী সংগঠনৰ সদস্যই হাৰিয়ানাৰ ৰোহতকৰ এটা গীৰ্জাত ধৰ্মান্তকৰণৰ অভিযোগ তুলি বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।

অৱশ্যে আৰক্ষীয়ে এই উশৃংখল গোটটোক বাধা প্ৰদান কৰে। আৰক্ষীয়ে কয় যে তেওঁলোকে ধৰ্মান্তৰকৰণৰ বিষয়ে কোনো অভিযোগ পোৱা নাই।

এই সম্পৰ্কত মন্তব্য কৰিছে গীৰ্জাৰ এগৰাকী সহযোগী যাজকে। তেওঁ কয়, “আন যিকোনো উপাসনাস্থলীৰ দৰে ইয়ালৈ মানুহ ভক্তিৰ বাবে আহে। আমি কেতিয়াও কাকো ইয়ালৈ আহিবলৈ বাধ্য কৰা নাছিলো।”

তেওঁ কৈছিল যে আৰক্ষীয়ে যোৱা সন্ধিয়া তেওঁলোকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকক এটা সম্ভাৱ্য বিপদৰ বিষয়ে অৱগত কৰিছিল।

ৰোহতকৰ উপায়ুক্ত কেপ্টেইন মনোজ কুমাৰে সাংবাদিকক কয়, “আমি এটা অভিযোগ পাইছিলো যে এনেধৰণৰ কিবা ঘটিব পাৰে, কিন্তু ধৰ্মান্তৰকৰণ সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা হোৱা নাই।”

তেওঁ কয় যে আৰক্ষীয়েও তেওঁলোকৰ তদন্ত চলাইছে আৰু ধৰ্মান্তৰকৰণ সম্পৰ্কীয় কোনো ঘটনাৰ প্ৰমাণ পোৱা নাই।