NORTHEAST NOW (Assamese)
অসম

Encounter: বিশ্বনাথত পুৱতি নিশা আৰক্ষীৰ গুলীত গুৰুতৰভাবে আহত দুৰ্ধৰ্ষ ডকাইত ভুত্তু

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ December 11, 2021 9:35 am
Biswanath encounter

Encounter বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা৷ আৰক্ষীৰ গুলীত গুৰুতৰভাবে আহত হৈছে দুৰ্ধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলি ওৰফে ভূত্তু৷

আজি পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত হৈছে এই ঘটনা৷

শুকুৰবাৰে নিশা বিশ্বনাথৰ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে কেইবা ঠাইটো অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা টকা বনোৱা দুটা মেছিন, জালনোট, সোণৰ মূৰ্ত্তিৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল৷

ইয়াৰে অন্যতম আছিল জাহিৰ আলি ওৰফে ভুত্তু৷ আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে আৰু তেওঁৰ ভৰিত গুলী লাগে।

Also Read: Big Land Scam:মুখ্যমন্ত্ৰীৰ পত্নী আইনৰ কি ধাৰাত গ্ৰেপ্তাৰ হ’ব লাগে? ক’লে অখিল গগৈয়ে

সংকটজনক অৱস্থাত ভুত্তুক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে৷

অৱশ্যে এই ঘটনাৰ কথা আনুষ্ঠানিকভাবে বিশ্বনাথ আৰক্ষীয়ে সদৰী কৰা নাই যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।