NORTHEAST NOW (Assamese)
অসম

কা বাতিলৰ দাবীৰে উলিওৱা অজাপৰ সমদলৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী December 11, 2021 2:19 pm
WhatsApp Image 2021-12-11 at 1.17.55 PM

আজি কা বাতিলৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সময়ত মহানগৰীত অসম জাতীয় পৰিষদৰ নেতা আৰু আৰু আৰক্ষীৰ মাজত এক হতাহতিৰ সৃষ্টি হয়।

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভুঞা আৰু নেতা প্ৰিন্স ফাইজুল হকক আৰক্ষীয়ে আটক কৰিব বিচাৰিছিল।

প্ৰতিবাদ সামৰি ওভতাৰ পাছত আৰক্ষীয়ে আটক কৰিব বিচাৰে অজাপৰ প্ৰতিবাদকাৰী সকলক।

তেনে সময়তে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।

Also Read: কিংবদন্তি ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰি কৰি আনি অসমক বদনাম কৰিলে এই চোৰ যুৱকে

অৱশ্যে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে যাবলৈ দিয়া হয় অজাপৰ প্ৰতিবাদকাৰীক।

অসম জাতীয় পৰিষদৰ জু ৰোড কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰি দিছপুৰ জনতা ভৱনলৈ উলিওৱা কথা আছিল এই প্ৰতিবাদী সমদল।

আৰক্ষীয়ে এআইডিচিত বাধা দিয়াত প্ৰতিবাদী সমদল সামৰা হয়। কাৰ্য্যালয়ৰ পৰা প্ৰতিবাদকাৰী উভতি যোৱাৰ সময়তে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।