NORTHEAST NOW (Assamese)
অসম

ইস্কন মন্দিৰৰ উদ্যোগত বঙাইগাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ December 12, 2021 9:06 pm

নামনি অসমৰ প্ৰখ্যাত চহৰ বঙাইগাঁওত ইস্কন মন্দিৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

ইস্কন মন্দিৰৰ ফালৰ পৰা ৰাঘৱ নিমাই দাসে এই কথা জানিবলৈ দিছে।

দেওবাৰে ৰাতি পুৱা ৮ বজাৰ পৰা দুপৰীয়া লৈকে অনুষ্ঠিত কৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰত মুঠ ১১০ গৰাকী পুৰুষ – মহিলাক স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আৰু বিভিন্ন পৰীক্ষা কৰি দিহা পৰামৰ্শ দিয়াৰ লগতে দৰৱ পাতি প্ৰদান কৰা হয়।

এই শিবিৰত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগী সকলক আই ও চি এলৰ বিশিষ্ট চিকিৎসক ডাঃ তেজশ শেঠ দেৱে চিকিৎসা প্ৰদান কৰে ।

ইপিনে বঙাইগাঁও স্থিত Apollo diagnostic চেণ্টাৰৰ স্বত্বাধিকাৰী বিপ্লৱ সৰকাৰে নিজৰ ফালৰ পৰা ৰোগী সকলৰ তেজ আদিকে ধৰি বিভিন্ন পৰীক্ষা সমূহ বিনামূলীয়াকৈ কৰাইছে বুলি জানিব পৰা গৈছে।

এই শিবিৰত মেডিকেল ৰেপ্রেজেনটেটিভ ৰূপাঙ্কৰ চৌধুৰী , কৌশিক চক্ৰৱৰ্তী আদিয়ে সহযোগিতা আগবঢ়ায় তথা অংশ গ্ৰহণ কৰে।

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওৰ শাস্ত্ৰী পথত অৱস্থিত ইস্কণ মন্দিৰৰ মেনেজাৰ ৰাঘৱ নিমাই দাসে এই শিবিৰত সহায় সহযোগ তথা সেৱা আগবঢ়োৱা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰিছে।

জানিব পৰা মতে ভক্তি মাৰ্গ তথা ধৰ্ম প্ৰচাৰৰ উপৰি জ্ঞান বিকাশৰ লগতে নানা ধৰণৰ মানৱ সেৱা তথা সামাজিক কাৰ্য ইস্কন মন্দিৰৰ উদ্যোগত কৰি অহা হৈছে।