NORTHEAST NOW (Assamese)
Popular Stories

কোভিডৰ সংক্ৰমণৰ বাবে পিছুৱাই গ’ল ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা; আক্ৰান্ত ভাৰতীয় সুন্দৰী মনসা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2021 1:59 pm
WhatsApp Image 2021-12-17 at 1.14.27 PM

অলপতে অনু্ষ্ঠিত হৈ যোৱা ‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাত ভাৰতৰ পঞ্জাৱৰ সুন্দৰী হৰনাজ সান্ধুৱে বিজয়ৰ মুকুট পৰিধান কৰিছিল। তাৰ মাজতে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ খিতাপ জয়ৰ দিশত সম্ভাৱনা জগাই তুলিছিল আন এগৰাকী ভাৰতীয় সুন্দৰীয়ে।   

দুৰ্ভাগ্যজনকভাৱে কোভিড সংক্ৰমণৰ পৰা হাত সাৰি নগ’ল এই মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখন। সেয়াই নহয়, আক্ৰান্ত হ’ল ভাৰতীয় সুন্দৰীও। ইয়াৰ লগতে প্ৰতিযোগিতাখনৰ মুঠ ১৭জন কোভিডত আক্ৰান্ত হৈছে।

কোভিডৰ এই সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। এতিয়া অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব।

Also Read: দক্ষ অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই প্ৰৱঞ্চক মৃদুপৱনক! উচ্চ ন্যায়ালয়ত জামিন বিচাৰিছে নেওগে

এইবাৰ পোৱেৰ্টো ৰিকোত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মনসা বাৰাণসীয়ে। তেওঁ ২০২০ বৰ্ষত ‘মিছ ইণ্ডিয়া’ৰ খিতাপ জয় কৰিছিল।

শুকুৰবাৰে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেল আছিল। কিন্তু কোভিড সংক্ৰমণ ঘটাৰ বাবে পিছুৱাই দিয়া হৈছে।

আয়োজকৰ ফালৰ পৰা বিবৃতি দি কোৱা হৈছে যে ‘মিছ ৱৰ্ল্ড-২০২১’ প্ৰতিযোগিতা সদ্যহতে পিছুৱাই দিয়া হৈছে। প্ৰতিযোগী, কৰ্মী তথা সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

Also Read: নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পটক ২০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

আয়োজকসকলে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁলোকেই প্ৰতিযোগী তথা কৰ্মীসকলৰ চিকিৎসাৰ দায়িত্ব লৈছে। কোভিডমুক্ত হোৱাৰ পাছত চিকিৎসকৰ পৰামৰ্শ মতে সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাব পাৰিব।