NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমানজন আক্ৰান্ত হ’ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 19, 2021 9:27 pm
test-covid-

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈয়েই আছে।

এনে পৰিস্থিতি অব্যাহত থকালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৭৫ গৰাকী লোক।

এই সময়ছোৱাত ১৪,১১৫ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫২ গৰাকী লোক ।


কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৩ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬৩ শতাংশ।

ইপিনে কোভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ সংক্ৰমণে অসমতো একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে।

বিদেশৰ পৰা অসমলৈ অহা বহু কেইজন লোক কোভিড পজিটিভ বুলি নিশ্চিত হোৱাৰ পিছত তেওঁলোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত নেকি তাকেলৈ আশংকা বৃদ্ধি পাইছিল।