NORTHEAST NOW (Assamese)
অসম

আৰু ক’ত ক’ত আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূ-সম্পত্তি?— প্ৰতিবেদন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 20, 2021 8:36 pm

সৰু সৰু ভূ মাফিয়াক জেইলত ভৰোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালেই ভূমি কেলেংকাৰিত জড়িত। ইতিমধ্যে তথ্য সহকাৰে স্বতন্ত্ৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰচাৰ কৰিছে। কিন্তু বিষয়টোৱে অসমৰ ৰাজনীতিত যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব যেন নেপালে!

বিৰোধী ৰাজনৈতিক দলসমূহে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ সোচ্চাৰ হ’লেও যেন সেয়া অৰণ্যৰোদনহে হৈ থাকিল!

বিশেষকৈ মূলসুঁতি সংবাদ মাধ্যম, জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ মৌনতাই এই ভূমি কেলেংকাৰিক যেন নায্যতাহে দিলে।
বৈদ্যুতিন সংবাদ মাধ্যম আৰু ছপা মাধ্যমে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ বিৰুদ্ধে এটা টু শব্দ কৰাতো বাদেই
আনকি বিৰোধী দলে মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে সম্বোধন কৰা সংবাদ মেলৰ খবৰো সম্প্ৰচাৰ আৰু প্ৰকাশ নকৰি প্ৰভু ভক্তিৰ পৰিচয় দিলে।

জাতি-জনগোষ্ঠীয় দল সংগঠন আৰু মূলসুঁতি সংবাদ মাধ্যমে সমগ্ৰ বিষয়টোত টুপাই বুৰ মাৰিলেও দুই এক স্বতন্ত্ৰ ৱেব পৰ্টেলে এই ভূমি কেলেংকাৰিৰ সম্পৰ্কীয় বাতৰি সবিস্তাৰ সম্প্ৰচাৰ কৰি আহিছে।

নৰ্থইষ্ট নাওৱেও মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ সম্পৰ্কীয় বাতৰিক জনতাৰ ওচৰলৈ নিবলৈ প্ৰয়াস কৰি আহিছে।

এই প্ৰয়াসৰ মাজতে নৰ্থইষ্ট নাওৰ হাতত মুখ্যমন্ত্ৰী পৰিয়ালৰ অন্য এক ভূমি কেলেংকাৰিৰ তথ্য হাতত পৰিছে।

অসম চৰকাৰৰ ধৰিত্ৰী পৰ্টেলত উপলব্ধ তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰিণিকি ভূঞা শৰ্মাৰ ভূমিৰ ভোক কেৱল কামৰূপ মহানগৰ আৰু কামৰূপ জিলাতে সীমাৱদ্ধ হৈ থকা নাছিল।

তেওঁৰ মাটিৰ খঁক মধ্য তথা উজনি অসমলৈকে পৰিব্যাপ্ত হৈ পৰিছিল।

অসম চৰকাৰৰ ৰাজহ বিভাগৰ ধৰিত্ৰী পৰ্টেলৰ মতে ৰিণিকি ভূঞা শৰ্মাই ২০০৫ চনতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ কাজিৰঙা মৌজাটো প্ৰিমিয়াম জমা দি চৰকাৰী ভূমি অন্য ব্যক্তিক বিক্ৰী কৰিছিল।

উপলব্ধ তথ্যৰ মতে ২০০৪-০৫ বৰ্ষত ৰিণিকি ভূঞা শৰ্মাই কাজিৰঙা মৌজাৰ হালোৱা এন. চি গাঁৱত ১৮৬ দাগৰ ১ বিঘা ৩ কঠা ২ লেচা আৰু ১৮৭ দাগৰ ৩ বিঘা ১ কঠা ৪ লেচা মাটি প্ৰিমিয়াম জমা দি ২০০৫চনৰ ১০ মে’ তাৰিখে ম্যাদীভুক্ত কৰে।
৮ নং চালানৰ মতে ২০০৫ বৰ্ষৰ ১৮ নৱেম্বৰত ১৮৬ দাগৰ ১ বিঘা ৩ কঠা ২ লেচা আৰু ১৮৭ দাগৰ ৩ বিঘা ১ কঠা ৪ লেচা মাটি খৰিদ্দাৰ সূত্ৰে ৰিণিকি ভূঞা শৰ্মাৰ নামত নামজাৰি কৰা হয়। অৰ্থাৎ প্ৰিমিয়াম দি এই মাটি নিজৰ নামত নামজাৰি কৰা এই ভূমি ৰাশি চৰকাৰী ভূমিয়েই হ’ব লাগিব।


কিন্তু পৰৱৰ্তী সময়ত এই ভূমি ৰঞ্জীত ভট্টাচাৰ্য্য নামৰ এজন লোকক বিক্ৰী কৰে ৰিণিকি ভূঞা শৰ্মাই। কিন্তু এই ৰঞ্জিত ভট্টাচাৰ্য কোন জানেনে? এই ৰঞ্জিত ভট্টাচাৰ্য হৈছে ৰিণিকি ভূঞা শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান RBS ৰিলেয়ৰ্ট্ছ প্ৰাইভেট লিমিটেডৰ বৰ্তমানৰ পৰিচালক সঞ্চালক। উল্লেখ্য যে এই প্ৰতিষ্ঠানতে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ব্যক্তিগত সৰ্বাধিক শ্বেয়াৰ আছে।

ইফালে কাজিৰঙা হালোৱা ননকে গাঁৱতো ৰিণিকি ভূঞা শৰ্মাক ৰিজ’ৰ্ট খোলাৰ নামত ৭ বিঘাৰো অধিক মাটি আৱণ্টন দিয়া হৈছিল।

ধৰিত্ৰী পৰ্টেলৰ তথ্য মতে ৯ এপ্ৰিল ২০০৭ বৰ্ষত ৫ লাখ ৪৪ হাজাৰ ৭৯০ টকা প্ৰিমিয়াম জমা দি ৰিণিকি ভূঞা শৰ্মাই ২৫ নং পট্টাৰ ১৯৩, ২২৪ আৰু ২২৫ নং দাগৰ ৭ বিঘা ৪ কটা ৫ লেচা মাটি আৱণ্টন লাভ কৰিছিল। এই ভূমি ৰাশি হোটেল আৰু ৰিজ’ৰ্ট নিৰ্মাণৰ বাবে আৱণ্টন কৰা বুলি নথিত স্পষ্টভাৱে উল্লেখ আছে। অৱশ্যে ৪ মাৰ্চ ২০১১ত ইস্তফাবাদৰ আবেদনৰ ভিত্তিত উক্ত ভূমিৰ আৱণ্টন নামঞ্জুৰ কৰা হয়। অৰ্থাৎ বিষয়টো ৰাজহুৱা হোৱাৰ বাবে উক্ত ভূমিৰাশি চৰকাৰক ঘূৰাই দিবলৈ বাধ্য হয় ৰিণিকি ভূঞা শৰ্মাই।


ইফালে হালোৱা এন চি গাঁৱৰ সমীপৰ চেপেনা কোবোৱা গাঁৱতো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিক শৰ্মা ভূঞাই ভূমি ক্ৰয়ৰ তথ্য ধৰিত্ৰী পৰ্টেলত উপলব্ধ। তথ্যৰ অনুসৰি চেপেনা গাঁৱত ২১ নং পট্টাৰ ৩৩৯ নং দাগত ৪ কঠা ১৩ লেচা, ৭৫ নং পট্টাৰ ৩৩৭ নং দাগত ২ কঠা, ১৪ লেচা আৰু ১২২ নং পট্টাৰ ৪৩৬ নং দাগত ২ কঠা ৩ লেচা মাটি থকাৰ তথ্য পোৱা গৈছে, অৰ্থাৎ চেপেনা কোবোৱা গাঁৱত তেওঁৰ নামত ভূমি আছিল ১ বিঘা ৩ কঠা ১০ লেচা। এইদৰে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মাই তেতিয়াই কাজিৰঙাত ৬ বিঘা ৩ কঠা ২ লেচাৰ মাটিৰ গৰাকী হৈছিল।

আৰু পিছত সেই সকলো ভূমিকেই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জিত ভট্টাচাৰ্যক বিক্ৰী কৰিছিল। এই বৃহৎ ভূমি ৰাশি কিয় ৰঞ্জিত ভট্টাচাৰ্যক বিক্ৰী কৰি তেওঁৰ নামত নামজাৰি কৰা হৈছিল সেয়া বুদ্ধিদীপ্ত মানুহক বুজাই কোৱাৰ হয়তো প্ৰয়োজন নাই।