NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ মিছাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ December 26, 2021 9:29 am
foreign liquor seized.png kaliabor

সমাগত ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসন বিভাগ অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অবৈধ সুৰা সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈছে।

শনিবাৰে নিশা কলিয়াবৰ আৰক্ষী আৰু মিছা আৰক্ষীয়ে যৌথভাবে এক অভিযান চলাই মিছা অঞ্চলৰ বিভিন্ন স্থানৰপৰা প্ৰায় ৭০ হাজাৰ টকা মূল্যৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

বৰদিনৰ ব্যাপক উলহ-মালহৰ মাজতে সুৰাৰ বিৰুদ্ধে অভিযানত নামে আৰক্ষী।

Also Read: হতাশগ্ৰস্ত গুৱাহাটী! ভয়ংকৰ তথ্য, মহানগৰীত চলিত বৰ্ষত ৩৭৩টা আত্মহত্যাৰ ঘটনা

আইন-শৃংখলা দিশটো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা জানিবলৈ দিছে সংশ্লিষ্ট আৰক্ষী বিষয়াজনে।

আনহাতে, ৩১ ডিচেম্বৰত মদ্যপান কৰি গাড়ী চলাই দুর্ঘটনা সংঘটিত নহবৰ বাবে এতিয়াৰ পৰাই তৎপৰ হৈ পৰিছে কলিয়াবৰৰ মিছা আৰক্ষী চকী আৰু কলিয়াবৰ আৰক্ষী বিভাগ।