NORTHEAST NOW (Assamese)
অসম

অহা বৰ্ষৰ ১৫ মাৰ্চৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2021 4:13 pm
HSLC exam

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা ২০২২ চনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে বৃহস্পতিবাৰে এই ঘোষণা কৰে।

শিক্ষা মন্ত্ৰীগৰাকীয়ে আজি সৰ্ব শিক্ষা অভিযানৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰে।

বৈঠকৰ পিছতে তেওঁ ঘোষণা কৰে যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব।

তেওঁ লগতে কয় যে পৰীক্ষাৰ পূৰ্বে অসমত টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব আৰু ৩ জানুৱাৰীৰ পৰা প্ৰতিখন জিলাতে টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ৰনোজ পেগুৱে কয়, “প্ৰতিখন জিলাতে প্ৰতিদিনে ১৫ খন বিদ্যালয়ক লক্ষ্য কৰি লোৱা হ’ব যাতে আমি যিমান সম্ভৱ সোনকালে টিকাকৰণ সম্পূৰ্ণ কৰিব পাৰোঁ।”