NORTHEAST NOW (Assamese)
অসম

দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰক্ষীৰ অভিযান; চিকিৎসকসহ আটক ৪জন ড্ৰাগছ সেৱনকাৰী

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ December 31, 2021 2:14 pm
Drugs peddlar

জুৰীয়া আৰক্ষীৰ অভিযানত ৪ জন ড্ৰাগছ সেৱনকাৰী আটক কৰা হৈছে। ইয়াৰে এজন দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ MBBS চিকিৎসক।

এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিথ বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান।

উক্ত অভিযানত ৪ জন ড্ৰাগছ সেৱনকাৰী ক্ৰমে ডাঃ বিক্ৰম দাস, নেকিবুৰ ৰহমান, হিফজুৰ ৰহমান আৰু ওমৰ ফাৰুক নামৰ ব্যক্তি কেইজনক আটক কৰে।

আৰক্ষীয়ে লগতে ৪ টাকৈ ড্ৰাগছৰ কন্টেইনাৰৰ সহ ১১ মিলি গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ৰাজ্যত ড্ৰাগছ সৰবৰাহ তথা ড্ৰাগছ সেৱনৰ ঘটনা ইমানেই বৃদ্ধি পাইছে যে প্ৰতিদিনে ড্ৰাগছ উদ্ধাৰৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈ আছে।

কিন্তু ড্ৰাগছৰ কবলত পৰি চিকিৎসকো আটক হোৱা ঘটনা স্বাভাৱিকতে এক উদ্বেগৰ বিষয় বুলি ক’ব পাৰি।